Skip to main content

Posts

Showing posts from 2017

My Inspiration - Inu Etc

Bhuvan Bam [BB Ki Vines] Bhuvan Bam Bhuvan Bam is an Indian comedian,singer, and YouTuber. His Youtube channel, BB Ki Vines, has four million subscribers and over 560 million views (as of August 2017). He has worked on web series likeThe Viral Feverand Happii Fi. He released his song named "Teri Meri Kahani" in collaboration with The Viral Fever Videos on Aug 2, 2016. Bam's videos for BB Ki Vines are filmed using the front facing camera on a phone by himself. He originally uploaded his videos to Facebook, and then toYoutube. Read more about Bhuvan Bam on  Wikipedia Sandeep Maheswari Sandeep Maheswari Sandeep Maheshwari is a name among millions who struggled, failed and surged ahead in search of success, happiness and contentment. Just like any other middle class guy, he too had a bunch of unclear dreams and a blurred vision of his goals in life. All he had was an undying learning attitude to hold on to. Rowing through ups and downs, it wa

হেল্লো…! নমস্কাৰ…। আপোনাৰ অমুকত প্ৰকাশিত তমুক লেখাটো পঢ়ি ভাল লাগিল…। ধন্যবাদ। An Essay by Inu Etc

মোৰ নৱতম অভিৰুচিৰ জন্ম হ'ল। প্ৰায়বোৰ কাকত- আলোচনীতেই ( বিশেষকৈ 'প্ৰান্তিক'ত) লেখা এটাৰ তলত লেখকৰ নাম- ঠিকনাৰ লগতে ফোন নম্বৰ নাইবা ইমেইল থাকে। লেখা পঢ়িয়েই ইমেইল কৰোঁ। ইমেইল নাথাকিলেহে ফোন কৰোঁ – : "হেল্লো… মানে আপোনাৰ অমুকত প্ৰকাশিত তমুক লেখাটো পঢ়ি বহুত ভাল লাগিল…ধন্যবাদ।" এই এটাই বাক্য বিভিন্নজন লেখকৰ কাণৰ কাষত আবৃত্তি কৰি থাকোঁ। লেখকজনেও ধন্যবাদেৰে ফোনকল সামৰে। অদ্ভুত আনন্দ লাভ কৰোঁ। এয়াই মোৰ নতুন অভিৰুচি। সচাকৈয়ে অদ্ভুত আনন্দ। লেখকজনেও হয়তো পাঠকৰ মতামত শুনি মোৰ দৰেই অদ্ভুত আনন্দ লাভ কৰে। সকলো লেখকেই হয়তো পাঠকৰ পৰা প্ৰেৰণা বিচাৰে। পাঠকৰ মতামত জনাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। কিয়নো লেখকৰ সৃজনশীল সৃষ্টিত পাঠকৰ অনুপ্ৰেৰণাৰ উল্লেখযোগ্য অৱদান আছে। Like this post? Don’t forget to share it with your friends!

আমি হিমু হয়ে গেছি! [ মই হিমু হৈ গৈছোঁ !] An Assamese Essay About Himu by Inu Etc

মোৰ প্ৰিয় ঔপন্যাসিক বৈদূৰ্য্য বৰুৱাৰ অসমীয়া উপন্যাস নাইবা শ্বেক্সপীয়েৰৰ নাটকবোৰ মই বাৰে বাৰে পঢ়োঁ। কাঞ্চন বৰুৱা ( ভূৱন মোহন বৰুৱা) ৰ 'অসীমত যাৰ হেৰাল সীমা'ও মই বাৰে বাৰে পঢ়োঁ। মোৰ প্ৰিয় বাংলা সাহিত্যিক হুমায়ুন আহমেদৰ 'হিমু ছিৰিজ' মোৰ আটাইতকৈ প্ৰিয়। সচাকৈয়ে হিমু চৰিত্ৰটো বৰ আমোদজনক। যদিও সত্যজিত ৰায়ৰ ফেলুদাৰ দৰে ই ৰহস্যময় নহয় তথাপিও হিমুৰ গল্পবোৰ পঢ়িলে পাঠকৰ মনত এটা ৰহস্যৰ সৃষ্টি হয়। এতিয়ানো হিমুয়ে কি কৰিব? এই প্ৰশ্ন বাৰে বাৰে মনটোত জাগি থাকে। ইয়াত 'একজন হিমু কয়েকটি ঝিঁঝিঁ পোকা'(১৯৯৯) নামৰ উপন্যাস খনৰ পৰা কিছু অংশ তুলি ধৰা হ'ল- 'আমার চেহারায় খুব সম্ভবত I am at your Service জাতীয় ব্যাপার আছে। আমি লক্ষ করেছি প্রায় সব বয়েসী মেয়েরা আমাকে দেখলেই টুকটাক কিছু কাজ করিয়ে নেয়। তার জন্যে সামান্য অস্বস্তিও বোধ করে না। নিতান্ত অপরিচিত মহিলা নির্বিকার ভঙ্গিতে আমাকে বলবে–এই ছেলে, এই হলুদ পাঞ্জাবি, একটা রিকশা খুঁজে দাও তো। রিকশা না পেলে বেবিটেক্সি। মালীবাগ যাব। ভাড়া ঠিক করে এনো। কেয়ক এই ধরনের কাজ আমি আগ্রহের সঙ্গে করি। দরদাম করে রিকশা ঠিক করি, জ

স্বপ্ন কষ্ট। An Assamese Sad Poem by Inu Etc

উৰিব নোৱাৰো আমি কিন্তু সপোন দেখোঁ উৰিবলৈ। ভাল কথা সপোন দেখা ভাল কথা। কিন্তু অযথা সপোন দেখি সপোন ভগাৰ যন্ত্ৰনাত নিজকে কষ্ট দিয়া বৰ বেয়া কথা। © ইনু Like this post?  Don’t forget to share it with your friends!

আকাশৰ চকুলো। An Assamese Sad Poem by Inu Etc

আজি নিশাও বৰষুণ দিছে। কিহৰ দুখতনো আকাশে ইমান কান্দে! মোৰ আৰু আকাশৰ এটাই মিল ময়ো কান্দো - আকাশেও কান্দে! চাওকচোন আকাশলৈ এতিয়াও ধাৰাষাৰ চকুলো সৰিয়েই আছে। © ইনু Like this post? Don’t forget to share it with your friends!

এন্ধাৰ নামিছে। An Assamese Poem by Inu Etc

এন্ধাৰ নামিছে জানেনে আপুনি? যেনকৈ এন্ধাৰ নামিছে যুগে যুগে প্ৰতিজন সৎ  ব্যক্তিৰ জীৱনলৈ। ঠিক তেনেকৈয়ে এন্ধাৰ নামিছে মোৰ জীৱনলৈও। সাৱধান হ'ব আপুনি আপোনাৰ জীৱনলৈও এন্ধাৰ নামিব পাৰে আপুনি নজনাকৈয়ে। হয়, আপুনি ঠিকেই শুনিছে মই আপোনাক সাৱধান হ'বলৈ কৈছোঁ। জানেনে আপুনি সচাঁকৈয়ে এন্ধাৰ নামিছে। প্ৰতিজন সৎ ব্যক্তিৰ জীৱনলৈ। © ইনু Like this post? Don’t forget to share it with your friends!

আত্মদন্দ। An Assamese Poem by Inu Etc

বৰ দুখ লাগিলে আপুনি কি কৰে? মই নিজৰ লগতেই কাজিয়া কৰোঁ। মানে মোৰ বিবেকৰ দুটা উদ্দেশ্যক লৈ বিবেকেই বিবেকৰ লগত কাজিয়া কৰে! কিযে আমোদজনক দন্দ এয়া আপুনি ইয়াক আত্মদন্দ বুলি ক'ব পাৰে। দুখ লাগিলে এবাৰ বিবেকে কয় আত্মহত্যা কৰ। আন এবাৰ আকৌ বিবেকে নকয় আত্মহত্যা মহাপাপ। কয়, তই দেখা সপোনবোৰ বাস্তৱলৈ ৰূপান্তৰ কোনে কৰিব? আত্মদন্দৰ ফলবোৰো আমোদজনক –চকুলো,যন্ত্ৰনা,হা-হুমুনিয়াহ ইত্যাদি ইত্যাদি। বৰ আমোদজনক নহয়নে? আত্মদন্দ। © Inu Etc Like this post?  Don’t forget to share it with your friends!

আকৌ চকুলো। An Assamese Sad Romantic Poem by Inu Etc

আজি কবিতা লিখা নাই। বুকুৰ ভিতৰত উমি উমি জ্বলি থকা যন্ত্ৰনাৰ জুইকুৰা নিয়ন্ত্ৰন কৰিবলৈ মাথোঁ চকুলোৰ প্ৰলেপ দিছোঁ। জানা, বৰ কষ্ট হৈছে মোৰ তোমাৰ চকুলোবোৰ দেখি যদিও, মচি দিয়াৰো অধিকাৰ মোৰ নাই! মোৰ নিজৰ যন্ত্ৰনাবোৰ অলপ হলেও নিয়ন্ত্ৰন কৰিব পাৰো। কিন্তু তোমাৰ কষ্টত মোৰ নৈ হৈ বৈ যোৱা চকুলো মই বাধা দি ৰাখিব নোৱাৰো। কিয়? কিয় ইমান ভাল পাওঁ তোমাক নাইবা, তুমি মোক কিয় ইমান ভালপোৱা? মোৰ বাবেইতো তোমাৰ কষ্ট আৰু তোমাৰ কষ্ট বাবেইতো- মোৰ চকুলো। আৰু নিলিখো অলপ কান্দি লওঁ ! © Inu Etc Like this post?  Don’t forget to share it with your friends!

কল্পনা। An Assamese Romantic,Thriller Story by Inu Etc

              চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ। এই অন্ধকাৰ ফালি দুডাল সৰলৰেখাৰ ওপৰেৰে আগুৱাই গৈছে নিশাৰ 'ট্ৰেইন'খন। ঘৰত মোৰ বিয়াৰ কথা বাৰ্তা চলি আছে। সেয়ে ঘৰ মানে গুৱাহাটীলৈ গৈ আছোঁ। কলকাতাৰ পৰা ট্ৰেইনত উঠিছো। মোৰ কোঠাটোত থকা মানুহকেইজনৰ লগত আড্ডা মাৰি ভালদৰেই সময়বোৰ পাৰ কৰিলো। কিন্তু সকলোবোৰ এটা এটাকৈ নামি যোৱাত মই বৰ অকলশৰীয়া হৈ পৰিলো। নিশাৰ অন্ধকাৰে মোক গ্ৰাহ কৰি পেলালে।                  মই নামিম একেবাৰে শেষ ষ্টেশনত।সেয়ে ভাৱিলো এঘুমটি মাৰি লওঁ। কিয়নো শেষ ৰাতিহে মই মোৰ গন্তব্য স্থান পাম। নিদ্ৰাদেৱীৰ কোলাত অলপ সময় শুইছিলোহে, হঠাৎ জোৰকৈ দিয়া জোকাৰণি এটাৰে ট্ৰেইনখন ৰৈ গ'ল। কিবা এটা বুজি পোৱাৰ আগতেই দেখা পালোঁ এজনী ছোৱালী ট্ৰেইনখনলৈ উঠি আহিল। এন্ধাৰ বাবে ছোৱালীজনীক ভালকৈ দেখা নাপালো। ট্ৰেইনখন আকৌ চলিবলৈ ধৰিলে। মই আকৌ ভয়েই খাইছিলো। ডকাইতৰ দলেই ট্ৰেইনখন ৰখালে কিজানি! এই ঠাইখনত প্ৰায়ে বোলে ডকাইতে ট্ৰেইন ৰখাই ট্ৰেইনৰ মানুহক হাৰাশাস্তি কৰে।              যিয়েই নহওক ট্ৰেইন খন আকৌ চলিব ধৰাত ময়ো যেন বাচি গলো ভাৱেৰে স্বস্তিৰ নিশাহ এটা এৰি দিলো। এইবোৰ ভাৱি থাকোতেই কাষতে বহা ছোৱাল

অশান্তি - ২ (আকৌ অশান্তি)। An Assamese Poem by Inu Etc

 অশান্তি - ২ (আকৌ অশান্তি) © Inu Etc বিষাপ্ত পৃথিৱীখনত অক্সিজেনৰ অভাৱ বৰকৈ অনুভৱ কৰিছোঁ। মোৰ উশাহ লওতে কষ্ট হৈছে! ক্ৰমশ: মোৰ উশাহবোৰ ঘনৰ পৰা ঘনতৰ হৈছে। যদিও মোৰ হাওঁফাওঁৰ মোনাবোৰ ফুলা নাই! মই নজনাকৈয়ে,অতি সংগোপনে মোৰ হাওঁফাওঁ আৰু কলিজাত কোনোবাই যেন, ফুটা কৰি থৈ গ'ল। এতিয়া ঘড়ীৰ ছেকেণ্ডৰ কাইটডালৰ শব্দও স্কুলৰ বেলটোৰ দৰে কৰ্কষ ভাৱে, মোৰ কাণত বাজে। অসহ্য হৈ কাণদুখন দুহাতেৰে জোৰকৈ হেঁচা মাৰি ধৰোঁ। সিদিনা খঙতে ঘড়ীটো ভাঙিলোঁ। সময় বাগৰে, বুকু বিষায় উঠে, দুটোপাল চকুলো সৰে। লাহে লাহে নিৰ্বাক,নিস্পন্দ হৈ নিস্তেজ হৈ পৰোঁ। অলপ শান্তি… পিছদিনা, আকৌ অশান্তি !! Like this post? Don’t forget to share it with your friends!

এন্ধাৰ, এলান্ধু আৰু মোৰ অশান্ত মন।হৃদয়ৰ পৃষ্ঠাৰ পৰা…। An Assamese Article by Inu Etc

                        বহু দিন লিখা নাই। কি হৈছে মোৰ? কৃত্ৰিমতাৰ পৰশ পাইছো। বহুত পৰিবৰ্তন হৈছে মোৰ জীৱনৰ আৰু মোৰ। মই নজনাকৈয়ে!                      আজি প্ৰবন্ধ এটা লিখিবলৈ লওতেই প্ৰায় দহ পৃষ্ঠা শেষ হ'ল। যদিও মন পছন্দৰ এটা শব্দও লিখিব নোৱাৰিলো। অশান্ত মন লৈ জানো সৃষ্টিশীল কাম কৰিব পাৰি? নোৱাৰি।                     সৃষ্টিশীল কাম কৰিবলৈ শান্ত এটা মগজুৰ উপৰিও প্ৰয়োজন হয় - শান্ত পৰিবেশ আৰু নিৰ্জনতাৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তি নিকেতনতো শান্তি বিচাৰি প্ৰায় প্ৰতিমাহেই নিজৰ ঘৰ সলাইছিল। নতুবা নিজৰ কোঠাটোৰ 'ষ্টাইল'ৰ পৰিবৰ্তন কৰিছিল। তেও বৰ খামখেয়ালি স্বভাৰ ব্যক্তি আছিল।                         দেউতাই কয়, " পঢ়া পাতি বাদ দি এইবোৰ কি লিখি থাক? বাদ দে এইবোৰ!"                         সকলো দিশেই যন্ত্ৰণা আৰু অশান্তি। শব্দবোৰৰ মাজত  মৰম,ভালপোৱা আৰু অলপ শান্তি বিচাৰি পাওঁ। কিন্তু তাতো বাধা ।                        এন্ধাৰত জানো লিখিব পাৰি? চাৰিওফালে মাথোঁ এন্ধাৰ আৰু এলান্ধু। বৰ জটিল! বৰ জটিল- এই এন্ধাৰ আৰু এলান্ধুৰ বিষাক্ত জাল।                         মই মুক্ত হ'

'অশান্তি'। An Assamese poem by Inu Etc

'অশান্তি' © ইনু বিশাল অট্টালিকা,বিলাসী 'কাৰ' , 'গ্লেমাৰ'… মই জানো বিচাৰোঁ? মই অলপ মৰম,ভালপোৱা আৰু শান্তি বিচাৰোঁ। মোকতো আন একো নালাগে! তথাপিও কিয়? ইমান বাধা… পলে পলে মগজু গৰম হোৱা কথা, অশান্তি,যন্ত্ৰণা… নিদ্ৰাহীন ৰজনীৰ সংগী মাথো মোৰ শুকাই যোৱা দুচকুৰ দুটোপাল তপত চকুলো মই জানো বিচাৰিছিলোঁ ? ______________________ *[ চকুচৰহা মানুহে আনৰ শান্তি সহ্য কৰিব নোৱাৰে সেয়ে আনকো জ্বলায়, নিজেও জলে।।] Like this post? Don’t forget to share it with your friends!

এটা কবিতা আৰু অলপ লেখা। An Assamese Article about Dzukou Valley by Inu Etc

এটা কবিতা আৰু অলপ লেখা। _________________ শান্তিৰ উপত্যকা জুক' উপত্যকা। _________________  ইনু  [ InuThinking.blogspot.com ] _________________ অশান্ত অঞ্চলৰ মাজতো এখনি শান্তিৰ উপত্যকা। চৌদিশে তেজ আৰু চকুলোৰ গোন্ধ, তাৰ মাজতো পোৱা যায় ফুলৰ সুগন্ধ। বৈ যায় স্ফটিক যেন নিৰ্মল বৰফ শীতল পানীৰ খৰস্ৰোতা নিজৰা। শান্তিৰ উপত্যকা - জুক' উপত্যকা। বিস্তিৰ্ণ সেউজীয়া ঘাঁহনিত আশাৰ লিলি ফুলে। স্নিগ্ধ বতাহ বলে। নিশা আকাশৰ জিলমিল জোনাকে সংগ দিয়ে। অশান্ত মনো শান্ত হয়। হৃদয়তো আশাৰ লিলি ফুলে।। _________________ Wild Trail নামৰ Wildlife Photography ৰ আলোচনী এখনত প্ৰথমে জুক' উপত্যকা ( Dzukou Valley) ৰ বিষয়ে পঢ়িছিলোঁ। ফটোগ্ৰাফী বোৰ চায়েই জুক' ভেলীৰ প্ৰেমত পঢ়িছিলো। তেতিয়াৰ পৰাই জুক' ভেলীৰ বিষয়ে কিবা নহয় কিবা এটা লিখিব বিচাৰিছিলোঁ। আৰু সেইবাবেই আজি আবেলি পৰীক্ষা (Half yearly exam; Hindi) দি আহি লিখিবলৈ বহিলো।           মনিপুৰ আৰু নাগালেণ্ডৰ সীমাৰ মাজত জুক' উপত্যকা অৱস্থিত।ইয়াত এবিধ লিলি ফুলে যি লিলি পৃথিৱীৰ অন্য কোনো ঠাইতে নুফুলে। সেয়ে লিলিবিধৰ নাম জুক' লিলি।

অনামিকা। An Assamese romantic poem by Inu Etc

অনামিকা -অনামিকা,তুমিয়েই মোৰ, উন্মাদ আত্মাৰ পূর্ণিমা আৰু অমাবস্যা।। মোৰ চকুলো বৈ যোৱা, বোৱতি নৈৰ ঢল হৈ, নিয়ৰ সেমেকা পূর্ণিমা ৰাতি; আহিছিলা তুমি মোৰ জীবনলৈ। আহিয়েই গুছি গ'লা বৰদৈচিলা হৈ।। উজলি থাকিম চিৰজীবন, মৰুৰ বুকুত; মৰীচিকা হৈ। যদি মন যায়, আহিবা,,,,,, এই হতভাগাৰ সুশীতল জীবনলৈ।। সেই নিয়ৰ সেমেকা, পূর্ণিমা ৰাতি বোৱতি নৈৰ ঢল হৈ, নিৰব যাত্রাৰে, আহিবা...... মোৰ হৃদয়লৈ।।

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

অন্তহীন অপেক্ষা তোমাৰ বাবে থাকিব খোলা মোৰ হৃদয়ৰ খিৰিকি, অসীম অনন্ত কাললৈ বাট চাম তুমি আহিবা বুলি।। ৰৈ আছিলো মই সীমাহীন আশাৰে তোমালৈ........।। অন্তহীন অপেক্ষা ৰে জন্মৰ পৰা জন্মান্তৰলৈ।। তথাপিও নাহিলা তুমি মোৰ উমাল বুকুলৈ হেজাৰ আশাৰে আছিলো ৰৈ; তোমাৰ বাবে নিৰবে কান্দিছো মূল্যহীন চকুলোৰে।।।

নকলেও সাক্ষী হৈ ৰব এই বকুল জোপা। An Assamese romantic poem by Inu Etc

*নকলেও সাক্ষী হৈ ৰব এই বকুল জোপা।* বকুল জোপা থিয় হৈ আছে এটা  ব্যৰ্থ প্ৰেমৰ সাক্ষী হৈ। তুমি আৰু মই কেতিয়াবা ভৰ দুপৰিয়া, কেতিয়াবা শীতৰ সন্ধিয়া আৰু এন্ধাৰ নিশা, আহিছিলো বকুল জোপালৈ। কব' নেলাগে ; এই ব্যৰ্থ প্ৰেমৰ কাহিনী। নকলেও সাক্ষী হৈ ৰব এই বকুল জোপা ; অনির্দিষ্ট কাললৈ এটা ব্যৰ্থ প্রেমৰ সাক্ষী হৈ।

সেই সন্ধিয়া,তোমাৰ হাহিৰ খলকনিয়ে..... । An Assamese romantic poem by Inu Etc

সেই সন্ধিয়া,তোমাৰ হাহিৰ খলকনিয়ে...... - শীতৰ সেমেকা বতৰত, মোৰ হৃদয়ৰ 'কেনভাচত'; তেজৰ তুলিকাৰে, আকিছিলো তোমাৰ ছবি।। চাইছিলো তোমাৰ প্রতিবিম্ব, নৈৰ বলীয়া পানীত; নৈ পাৰৰ... বালিৰ বুকুত বহি নিৰবে চকুলো টুকিছিলো; উটি গৈছিল বহু দুৰলৈ, নেদেখা নুশুনা কোনো দেশলৈ,,, তোমাৰ অস্তিত্ব আৰু...  মোৰ চকুলো! সেই সন্ধিয়া, তোমাৰ হাহিৰ খলকনিয়ে, ঢৌ খেলিছিল  মোৰ হৃদয়ত। হঠাতেই........., অদৃশ্য জুইৰ শিখাত, দপ দপকৈ জলি উঠিল অভিশপ্ত সেই নিশা।। আজিও মোৰ হৃদয়ত ঠেকা খাই সৃষ্টি কৰে প্রতিধ্বনিৰ, তোমাৰ হাহিৰ খলকনিয়ে।।

পৰিবর্তন। An Assamese poem by Inu Etc

পৰিবর্তন ----------------------------- নীলিম আকাশত অনন্ত কাললৈ, থাকিবনে নীলিমা? চৌদিশে কোলাহল, নাই কিয় নিৰবতা? সূৰুযৰ পোহৰক প্রত্যাহব্বান জনাই, এন্ধাৰ নামিছে; দূৰৈত, লঠঙা গছত কোবাই পচোৱা বলিছে; তাতোকৈয়ো দূৰৈত, ৰিণি-ৰিণি শুনা গৈছে, কোনোবাই, কৰুণ সুৰেৰে বাঁহী বজাইছে।। শব্দবোেৰ বতাহত ঠেকা খাই সুহুৰি মাৰিছে, ধেমালি কৰিছে।। আকৌ চৌদিশে কোলাহল ক্রমশ: ভাললগা শব্দবোৰ আতৰি গ'ল।।

"জীৱন"। An Assamese Poem by Inu Etc

অস্ত যাবলৈ ধৰা বেলিটো, দূৰৈৰ পাহাৰ খনত ঠেকা খালে; উন্মাদ জীৱনটো উৰি গ'ল কোবাল ধুুমুহাৰ মাজত-- যেন কাহানিও ওভতি নাহে !! লাহে লাহে এন্ধাৰ হ'ব, মই চাব নোৱাৰিম-- মোৰ চিনাকী নৈৰ চিনাকী পানী, প্ৰিয় পৃথিৱীৰ প্ৰিয়-অপ্ৰিয় মানুহ আৰু প্ৰিয়তমাৰ মিঠা হাঁহি।। সপোনবোৰ নিমিষতে জ্বলি ছাই হ'ব, হয়তো,আপোনজনেও মোক পাহৰি যাব।।

"যন্ত্ৰনা"। An Assamese sad romantic poem by Inu Etc

ক'ত ৰজনী উজাগৰে কান্দিছিলো তোমাৰ বাবে; বৰ কষ্ট হৈছিল জানা, তুমিযে দিছিলা নৰক যন্ত্ৰনা! অতীতৰ তোমাক স্মৰণ কৰিলে বৰ্ষাৰ বৰষুণৰ দৰে ধাৰাষাৰ চকুলো অাজিও সৰে। তোমাক ভাল পাইছিলো- সেয়াই মোৰ দোষ আছিলনে? © Inu Etc

"নিয়ৰৰ চকুলো"। An Assamese romantic poem by Inu Etc

"নিয়ৰৰ চকুলো" নিজম নিশা অজান শোকত নিয়ৰে চকুলো টোকে। ৰাতিপুৱা, সেই নিয়ৰ গছকি এহাল প্ৰেমাস্পদে এবুকু আশাৰে সোণালী ভৱিষ্যতলৈ আগবাঢ়ে।।

'মৃত্যুৱেই শেষ নহয়' । An Assamese Poem Inu Etc

'মৃত্যুৱেই শেষ নহয়' 'Death Is Not The End ------------------------------- ✍ Inu Etc ------------------------------- মৃত্যুৱেই শেষ নহয় সেয়ে মই জীয়াই আছো বস্তিৰ ল'ৰাবোৰৰ মাজত সিঁহতৰ মৰমৰ মায়াজালত। সিঁহতে 'ডাস্টবিন'ত খোৱাবস্তু বিচাৰিছিল অৱশ্যে পাইছিল আধাখোৱা 'কেক'বোৰ গেলাপঁচা বস্তুবোৰ, সিঁহতে খাইছিল সেয়াই খাইছিল মৌন ওঠত হাঁহি বিৰিঙিছিল। এতিয়া 'ডাস্টবিন'ত খোৱাবস্তু নিবিচাৰে মোৰ পৰা বিচাৰে- মৰম,ভালপোৱা মই কৃপনতা নকৰো। কাৰণ,মই জীয়াই আছো সিঁহতৰ মৰমৰ মায়াজালত, মৃত্যুৱেই শেষ নহয় সেয়ে মই জীয়াই আছো সিঁহতৰ মাজত।। ------------------------------- নোবেল বিজয়ী প্ৰখ্যাত গায়ক, সাহিত্যিক বব ডিল্যানলৈ। -------------------------------

"ৰোমন্থন"। Romantic Sad Assamese poem by Inu Etc

©Inu Etc এই কবিৰ নাছিলনো কি? সকলো আছিল! আছিল এখনি টুকুৰা টুকুৰ কলিজা, আৰু আছিল এজনী পাগল প্ৰিয়তমা। যাৰ বাবেই, একালত মৰিব খোজা এই কবিয়ে-আজিও, কবিতা লিখে, লিখে,কাহানিবাই হেৰাই যোৱা প্ৰেমৰ কবিতা, প্ৰিয়তমাৰ কবিতা।।

'প্ৰিয়তমালৈ প্ৰেমপত্ৰ'। An Assamese Romantic poem by Inu Etc

'প্ৰিয়তমালৈ প্ৰেমপত্ৰ' ✍Inu Etc মৰমৰ, প্ৰিয়তমা…… এইমাত্ৰ তোমালৈ একলম লিখিব খোজিছিলো, অকস্মাত বিজুলী গ'ল। এন্ধাৰত জানো লিখিব পাৰি? ম'ম এডাল জ্বলাই ললো। ম'মৰ সোণালী পোহৰত এয়া সোণালী সপোনবোৰ কাউৰীেঠঙীয়া আখৰেৰে বগা কাগজখনত লিখিব ধৰিলো- "মই তোমাক বহুত ভালপাওঁ" মহৰ যিহে উৎপাত। আজিলৈ ইমানেই। ইতি, তোমাৰ মৰমৰ………।।

'সমাধিৰ ফুল'। An Assamese poem by Inu Etc

'সমাধিৰ ফুল' ©(ইনু) মই মৰিলে তুমি নাকান্দিবা মোৰ সমাধিৰ কাষত এজোপা তেজৰঙা গোলাপ ৰুবা। জানো,মোৰ স্মৃতিবোৰে তোমাক কন্দুৱাব। তথাপি তুমি নাকান্দিবা। যৌৱন কালত যেতিয়া ফুলপাহ ফুলিব সুগন্ধি বিয়পাব তেতিয়া মোৰ সমাধিত তুমি আহিবা- প্ৰতিটো পুৱা,প্ৰতিটো সন্ধিয়া। গোলাপৰ সুগন্ধিত মোক বিচাৰি পাবা। মই মৰিলে তুমি নাকান্দিবা।।

"ভায়'লিন"। An Assamese Poem by Inu Etc

"ভায়'লিন" © ইনু কেতিয়াবা মই তোমাৰ আঁচল খনকেই ভায়'লিন বুলি ভূল কৰোঁ। ভূল কৰোঁ, ভূল কৰিয়েই মই বজাব খোজো কিন্তু সেয়াতো নহয় ভায়'লিন। তথাপিওবাজি ওঠে সপ্তসুৰ যদিও সেয়া মাথোঁ ময়েই শুনোঁ। মই ভূল কৰোঁ আজিকালি মইপৃথিৱীখন বগা-কলা দেখোঁ।।

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো) ____________________ © Inu Etc ____________________ এখন ভাল কিতাপ জ্ঞানৰ ভৰাঁল স্বৰূপ।সভ্য সমাজত কিতাপৰ প্ৰয়োজনীয়তা অপাৰ, ইয়াক কোনেও নুই কৰিব নোৱাৰে। সেয়েহে এগৰাকী বিখ্যাত সংস্কৃত কবিয়ে কৈছিল,—"সাহিত্য,সংগীত আৰু কলাত অনুৰাগ নথকা লোক নেজ আৰু শিং নথকা পশুৰ দৰে।"গতিকে কিতাপ পঢ়াটো এটা বৰ ভাল অভ্যাস আৰু মানসিক সন্তুষ্টিৰ বাবে নতুবা নিজৰ জ্ঞানৰ ভৰাঁল চহকী কৰিবলৈ আমি কিতাপ পঢ়িব লাগে। সৰুৰে পৰাই মোৰ কিতাপ পঢ়াৰ বৰ হেপাঁহ। বৰ্ণমালা শিকাৰ আগতেই প্ৰায় প্ৰত্যেক দিনাই দেউতাই বজাৰৰ পৰা ঘৰলৈ আহোতে বাতৰি কাকত এখন লৈ আহিছিল। ময়ো অধীৰ আগ্ৰহেৰে দেউতালৈ বাট চাই থাকিছিলোঁ। কাৰণ মই জানো, দেউতাই মোলৈ এখন বাতৰিকাকত আনিবই আনিব। য'ত থাকিব–মই চিনি নোপোৱা হেজাৰ আখৰ,হেজাৰ শব্দ। একো বুজা নাছিলো। মাথো ৰঙীন আৰু বগা-কলা আলোকচিত্ৰবোৰ চায়েই মই সন্তুষ্টি লাভ কৰিছিলো। লাহে লাহে ডাঙৰ হলো। বাতৰিকাকতৰ পৰাই আখৰবোৰ চিনি পোৱা হলো। বাক্যবোৰ মন্ত্ৰৰ দৰে পঢ়িব পৰা হলো।প্ৰিন্ট কৰা কাগজ এখন দেখিলেই দৌৰি গৈ বুটলিলৈ পঢ়িছিলো-এতিয়াও পঢ়ো।ক্ৰমশ: মোৰ কিতাপ পঢ়াৰ হাবিয়

'মৃত চকুলো'। An Assamese Poem By Inu Etc

'মৃত চকুলো' _________________ © Inu Etc _________________ সিদিনা ৰাতি,হঠাৎ মৰিলো মই পুৱা, বহুতো মানুহ গোট খালে মোক লৈ গ'ল ওচৰৰ সমাধিলৈ ঘাহনিত মোক থলে, মানুহবোৰে গুণ গুণকৈ কিবাকিবি ক'লে। : বৰ ভাল লাগিছিল নিয়ৰৰ টোপাল পৰি পুৱাৰ উজ্জল পোহৰত জিলিকি থকা ঘাহনিত মানুহৰ জুমবোৰ দেখিবলৈ। : লাহে লাহে মানুহবোৰ গ'ল হঠাৎ মোৰ কলিজাত বিষ অনুভৱ কৰিলো যেতিয়া দেখিলো- মোৰ সমাধিৰ কাষৰ বকুল গছজোপাৰ আৰত তুমি নিজকে লুকুৱাইছা আৰু লুকুৱাইছা তোমাৰ হৃদয়ৰ বিষাদ চুৰকৈ মচিছা তোমাৰ উষ্ণ চকুলো চকুলো বিৰিঙি উঠিল মোৰ মৃত চকুতো।। _________________