'মৃত চকুলো'। An Assamese Poem By Inu Etc

'মৃত চকুলো'

_________________
© Inu Etc
_________________

সিদিনা ৰাতি,হঠাৎ মৰিলো মই
পুৱা, বহুতো মানুহ গোট খালে
মোক লৈ গ'ল ওচৰৰ সমাধিলৈ
ঘাহনিত মোক থলে,
মানুহবোৰে গুণ গুণকৈ কিবাকিবি ক'লে।
:
বৰ ভাল লাগিছিল
নিয়ৰৰ টোপাল পৰি
পুৱাৰ উজ্জল পোহৰত
জিলিকি থকা ঘাহনিত
মানুহৰ জুমবোৰ দেখিবলৈ।
:
লাহে লাহে মানুহবোৰ গ'ল
হঠাৎ মোৰ কলিজাত
বিষ অনুভৱ কৰিলো
যেতিয়া দেখিলো-
মোৰ সমাধিৰ কাষৰ
বকুল গছজোপাৰ আৰত
তুমি নিজকে লুকুৱাইছা
আৰু লুকুৱাইছা
তোমাৰ হৃদয়ৰ বিষাদ
চুৰকৈ মচিছা
তোমাৰ উষ্ণ চকুলো
চকুলো বিৰিঙি উঠিল
মোৰ মৃত চকুতো।।
_________________

Comments

Popular posts from this blog

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)

গুচি যা চকুলো। An Assamese sad poem by Inu Etc