মোৰ নৱতম অভিৰুচিৰ জন্ম হ'ল। প্ৰায়বোৰ কাকত- আলোচনীতেই ( বিশেষকৈ 'প্ৰান্তিক'ত) লেখা এটাৰ তলত লেখকৰ নাম- ঠিকনাৰ লগতে ফোন নম্বৰ নাইবা ইমেইল থাকে। লেখা পঢ়িয়েই ইমেইল কৰোঁ। ইমেইল নাথাকিলেহে ফোন কৰোঁ – : "হেল্লো… মানে আপোনাৰ অমুকত প্ৰকাশিত তমুক লেখাটো পঢ়ি বহুত ভাল লাগিল…ধন্যবাদ।" এই এটাই বাক্য বিভিন্নজন লেখকৰ কাণৰ কাষত আবৃত্তি কৰি থাকোঁ। লেখকজনেও ধন্যবাদেৰে ফোনকল সামৰে। অদ্ভুত আনন্দ লাভ কৰোঁ। এয়াই মোৰ নতুন অভিৰুচি। সচাকৈয়ে অদ্ভুত আনন্দ। লেখকজনেও হয়তো পাঠকৰ মতামত শুনি মোৰ দৰেই অদ্ভুত আনন্দ লাভ কৰে। সকলো লেখকেই হয়তো পাঠকৰ পৰা প্ৰেৰণা বিচাৰে। পাঠকৰ মতামত জনাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। কিয়নো লেখকৰ সৃজনশীল সৃষ্টিত পাঠকৰ অনুপ্ৰেৰণাৰ উল্লেখযোগ্য অৱদান আছে। Like this post? Don’t forget to share it with your friends!
A multilingual (Assamese, Hindi, and English) literary blog by Inu Etc. Contains poems, essays, and stories written by Inu Etc.