Skip to main content

আমি হিমু হয়ে গেছি! [ মই হিমু হৈ গৈছোঁ !] An Assamese Essay About Himu by Inu Etc


মোৰ প্ৰিয় ঔপন্যাসিক বৈদূৰ্য্য বৰুৱাৰ অসমীয়া উপন্যাস নাইবা শ্বেক্সপীয়েৰৰ নাটকবোৰ মই বাৰে বাৰে পঢ়োঁ। কাঞ্চন বৰুৱা ( ভূৱন মোহন বৰুৱা) ৰ 'অসীমত যাৰ হেৰাল সীমা'ও মই বাৰে বাৰে পঢ়োঁ।

মোৰ প্ৰিয় বাংলা সাহিত্যিক হুমায়ুন আহমেদৰ 'হিমু ছিৰিজ' মোৰ আটাইতকৈ প্ৰিয়। সচাকৈয়ে হিমু চৰিত্ৰটো বৰ আমোদজনক। যদিও সত্যজিত ৰায়ৰ ফেলুদাৰ দৰে ই ৰহস্যময় নহয় তথাপিও হিমুৰ গল্পবোৰ পঢ়িলে পাঠকৰ মনত এটা ৰহস্যৰ সৃষ্টি হয়। এতিয়ানো হিমুয়ে কি কৰিব? এই প্ৰশ্ন বাৰে বাৰে মনটোত জাগি থাকে।

ইয়াত 'একজন হিমু কয়েকটি ঝিঁঝিঁ পোকা'(১৯৯৯) নামৰ উপন্যাস খনৰ পৰা কিছু অংশ তুলি ধৰা হ'ল-

'আমার চেহারায় খুব সম্ভবত I am at your Service জাতীয় ব্যাপার আছে। আমি লক্ষ করেছি প্রায় সব বয়েসী মেয়েরা আমাকে দেখলেই টুকটাক কিছু কাজ করিয়ে নেয়। তার জন্যে সামান্য অস্বস্তিও বোধ করে না।

নিতান্ত অপরিচিত মহিলা নির্বিকার ভঙ্গিতে আমাকে বলবে–এই ছেলে, এই হলুদ পাঞ্জাবি, একটা রিকশা খুঁজে দাও তো। রিকশা না পেলে বেবিটেক্সি। মালীবাগ যাব। ভাড়া ঠিক করে এনো। কেয়ক

এই ধরনের কাজ আমি আগ্রহের সঙ্গে করি। দরদাম করে রিকশা ঠিক করি, জিনিসপত্র তুলে দেই। খট করে রিকশার হুড তুলি। এবং শেষপর্যায়ে প্রিয়জনদের উপদেশ দেবার মতো সামান্য উপদেশ দেই–শাড়ি টেনে বসুন। চাকার সঙ্গে পেঁচিয়ে যেতে পারে। হ্যাঁ এইবার হয়েছে।

শেষ উপদেশ রিকশাওয়ালাকে, রিকশা দেখে শুনে যাবে। No ঝাঁকুনি।'

হিমুৰ তুল্য কোনো চৰিত্ৰ মই বিচাৰি নাপাওঁ। মোৰ মতে হিমু অতুলনীয়। হুমায়ুন আহমেদৰ অমৰ সৃষ্টি হ'ল- মোৰ প্ৰিয় চৰিত্ৰ- হিমু। সচাকৈয়ে মই হিমুৰ 'ফেন ' হৈ গৈছোঁ। নহয়,মই হিমু হৈ গৈছোঁ।( আমি হিমু হয়ে গেছি)
 বাংলা পঢ়িব পাৰিলে হুমায়ুন আহমেদৰ উপন্যাসবোৰ পঢ়িবচোন। আপুনি অনলাইনতো পঢ়িব পাৰিব।
Download PDF from AmarBooks
Read online on EBanglaLibrary

Like this post? Don’t forget to share it with your friends!

Comments

Popular posts from this blog

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

অন্তহীন অপেক্ষা তোমাৰ বাবে থাকিব খোলা মোৰ হৃদয়ৰ খিৰিকি, অসীম অনন্ত কাললৈ বাট চাম তুমি আহিবা বুলি।। ৰৈ আছিলো মই সীমাহীন আশাৰে তোমালৈ........।। অন্তহীন অপেক্ষা ৰে জন্মৰ পৰা জন্মান্তৰলৈ।। তথাপিও নাহিলা তুমি মোৰ উমাল বুকুলৈ হেজাৰ আশাৰে আছিলো ৰৈ; তোমাৰ বাবে নিৰবে কান্দিছো মূল্যহীন চকুলোৰে।।।

কল্পনা। An Assamese Romantic,Thriller Story by Inu Etc

              চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ। এই অন্ধকাৰ ফালি দুডাল সৰলৰেখাৰ ওপৰেৰে আগুৱাই গৈছে নিশাৰ 'ট্ৰেইন'খন। ঘৰত মোৰ বিয়াৰ কথা বাৰ্তা চলি আছে। সেয়ে ঘৰ মানে গুৱাহাটীলৈ গৈ আছোঁ। কলকাতাৰ পৰা ট্ৰেইনত উঠিছো। মোৰ কোঠাটোত থকা মানুহকেইজনৰ লগত আড্ডা মাৰি ভালদৰেই সময়বোৰ পাৰ কৰিলো। কিন্তু সকলোবোৰ এটা এটাকৈ নামি যোৱাত মই বৰ অকলশৰীয়া হৈ পৰিলো। নিশাৰ অন্ধকাৰে মোক গ্ৰাহ কৰি পেলালে।                  মই নামিম একেবাৰে শেষ ষ্টেশনত।সেয়ে ভাৱিলো এঘুমটি মাৰি লওঁ। কিয়নো শেষ ৰাতিহে মই মোৰ গন্তব্য স্থান পাম। নিদ্ৰাদেৱীৰ কোলাত অলপ সময় শুইছিলোহে, হঠাৎ জোৰকৈ দিয়া জোকাৰণি এটাৰে ট্ৰেইনখন ৰৈ গ'ল। কিবা এটা বুজি পোৱাৰ আগতেই দেখা পালোঁ এজনী ছোৱালী ট্ৰেইনখনলৈ উঠি আহিল। এন্ধাৰ বাবে ছোৱালীজনীক ভালকৈ দেখা নাপালো। ট্ৰেইনখন আকৌ চলিবলৈ ধৰিলে। মই আকৌ ভয়েই খাইছিলো। ডকাইতৰ দলেই ট্ৰেইনখন ৰখালে কিজানি! এই ঠাইখনত প্ৰায়ে বোলে ডকাইতে ট্ৰেইন ৰখাই ট্ৰেইনৰ মানুহক হাৰাশাস্তি কৰে।              যিয়েই নহওক ট্ৰেইন খন আকৌ চলিব ধৰাত ময়ো যেন বাচি গলো ভাৱেৰে স্বস্তিৰ নিশাহ এটা এৰি দিলো। এইবোৰ ভাৱি থাকোতেই কাষতে বহা ছোৱাল

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো) ____________________ © Inu Etc ____________________ এখন ভাল কিতাপ জ্ঞানৰ ভৰাঁল স্বৰূপ।সভ্য সমাজত কিতাপৰ প্ৰয়োজনীয়তা অপাৰ, ইয়াক কোনেও নুই কৰিব নোৱাৰে। সেয়েহে এগৰাকী বিখ্যাত সংস্কৃত কবিয়ে কৈছিল,—"সাহিত্য,সংগীত আৰু কলাত অনুৰাগ নথকা লোক নেজ আৰু শিং নথকা পশুৰ দৰে।"গতিকে কিতাপ পঢ়াটো এটা বৰ ভাল অভ্যাস আৰু মানসিক সন্তুষ্টিৰ বাবে নতুবা নিজৰ জ্ঞানৰ ভৰাঁল চহকী কৰিবলৈ আমি কিতাপ পঢ়িব লাগে। সৰুৰে পৰাই মোৰ কিতাপ পঢ়াৰ বৰ হেপাঁহ। বৰ্ণমালা শিকাৰ আগতেই প্ৰায় প্ৰত্যেক দিনাই দেউতাই বজাৰৰ পৰা ঘৰলৈ আহোতে বাতৰি কাকত এখন লৈ আহিছিল। ময়ো অধীৰ আগ্ৰহেৰে দেউতালৈ বাট চাই থাকিছিলোঁ। কাৰণ মই জানো, দেউতাই মোলৈ এখন বাতৰিকাকত আনিবই আনিব। য'ত থাকিব–মই চিনি নোপোৱা হেজাৰ আখৰ,হেজাৰ শব্দ। একো বুজা নাছিলো। মাথো ৰঙীন আৰু বগা-কলা আলোকচিত্ৰবোৰ চায়েই মই সন্তুষ্টি লাভ কৰিছিলো। লাহে লাহে ডাঙৰ হলো। বাতৰিকাকতৰ পৰাই আখৰবোৰ চিনি পোৱা হলো। বাক্যবোৰ মন্ত্ৰৰ দৰে পঢ়িব পৰা হলো।প্ৰিন্ট কৰা কাগজ এখন দেখিলেই দৌৰি গৈ বুটলিলৈ পঢ়িছিলো-এতিয়াও পঢ়ো।ক্ৰমশ: মোৰ কিতাপ পঢ়াৰ হাবিয়