Skip to main content

আত্মদন্দ। An Assamese Poem by Inu Etc


বৰ দুখ লাগিলে আপুনি কি কৰে?
মই নিজৰ লগতেই কাজিয়া কৰোঁ।
মানে মোৰ বিবেকৰ দুটা উদ্দেশ্যক লৈ
বিবেকেই বিবেকৰ লগত কাজিয়া কৰে!
কিযে আমোদজনক দন্দ এয়া
আপুনি ইয়াক আত্মদন্দ বুলি ক'ব পাৰে।

দুখ লাগিলে এবাৰ বিবেকে কয়
আত্মহত্যা কৰ।
আন এবাৰ আকৌ বিবেকে নকয়
আত্মহত্যা মহাপাপ।
কয়, তই দেখা সপোনবোৰ
বাস্তৱলৈ ৰূপান্তৰ কোনে কৰিব?

আত্মদন্দৰ ফলবোৰো আমোদজনক –চকুলো,যন্ত্ৰনা,হা-হুমুনিয়াহ ইত্যাদি ইত্যাদি।
বৰ আমোদজনক নহয়নে?
আত্মদন্দ।

© Inu Etc

Like this post? Don’t forget to share it with your friends!

Comments