Skip to main content

Posts

Showing posts from June, 2017

এটা কবিতা আৰু অলপ লেখা। An Assamese Article about Dzukou Valley by Inu Etc

এটা কবিতা আৰু অলপ লেখা। _________________ শান্তিৰ উপত্যকা জুক' উপত্যকা। _________________  ইনু  [ InuThinking.blogspot.com ] _________________ অশান্ত অঞ্চলৰ মাজতো এখনি শান্তিৰ উপত্যকা। চৌদিশে তেজ আৰু চকুলোৰ গোন্ধ, তাৰ মাজতো পোৱা যায় ফুলৰ সুগন্ধ। বৈ যায় স্ফটিক যেন নিৰ্মল বৰফ শীতল পানীৰ খৰস্ৰোতা নিজৰা। শান্তিৰ উপত্যকা - জুক' উপত্যকা। বিস্তিৰ্ণ সেউজীয়া ঘাঁহনিত আশাৰ লিলি ফুলে। স্নিগ্ধ বতাহ বলে। নিশা আকাশৰ জিলমিল জোনাকে সংগ দিয়ে। অশান্ত মনো শান্ত হয়। হৃদয়তো আশাৰ লিলি ফুলে।। _________________ Wild Trail নামৰ Wildlife Photography ৰ আলোচনী এখনত প্ৰথমে জুক' উপত্যকা ( Dzukou Valley) ৰ বিষয়ে পঢ়িছিলোঁ। ফটোগ্ৰাফী বোৰ চায়েই জুক' ভেলীৰ প্ৰেমত পঢ়িছিলো। তেতিয়াৰ পৰাই জুক' ভেলীৰ বিষয়ে কিবা নহয় কিবা এটা লিখিব বিচাৰিছিলোঁ। আৰু সেইবাবেই আজি আবেলি পৰীক্ষা (Half yearly exam; Hindi) দি আহি লিখিবলৈ বহিলো।           মনিপুৰ আৰু নাগালেণ্ডৰ সীমাৰ মাজত জুক' উপত্যকা অৱস্থিত।ইয়াত এবিধ লিলি ফুলে যি লিলি পৃথিৱীৰ অন্য কোনো ঠাইতে নুফুলে। সেয়ে লিলিবিধৰ নাম জুক' লিলি।

অনামিকা। An Assamese romantic poem by Inu Etc

অনামিকা -অনামিকা,তুমিয়েই মোৰ, উন্মাদ আত্মাৰ পূর্ণিমা আৰু অমাবস্যা।। মোৰ চকুলো বৈ যোৱা, বোৱতি নৈৰ ঢল হৈ, নিয়ৰ সেমেকা পূর্ণিমা ৰাতি; আহিছিলা তুমি মোৰ জীবনলৈ। আহিয়েই গুছি গ'লা বৰদৈচিলা হৈ।। উজলি থাকিম চিৰজীবন, মৰুৰ বুকুত; মৰীচিকা হৈ। যদি মন যায়, আহিবা,,,,,, এই হতভাগাৰ সুশীতল জীবনলৈ।। সেই নিয়ৰ সেমেকা, পূর্ণিমা ৰাতি বোৱতি নৈৰ ঢল হৈ, নিৰব যাত্রাৰে, আহিবা...... মোৰ হৃদয়লৈ।।

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

অন্তহীন অপেক্ষা তোমাৰ বাবে থাকিব খোলা মোৰ হৃদয়ৰ খিৰিকি, অসীম অনন্ত কাললৈ বাট চাম তুমি আহিবা বুলি।। ৰৈ আছিলো মই সীমাহীন আশাৰে তোমালৈ........।। অন্তহীন অপেক্ষা ৰে জন্মৰ পৰা জন্মান্তৰলৈ।। তথাপিও নাহিলা তুমি মোৰ উমাল বুকুলৈ হেজাৰ আশাৰে আছিলো ৰৈ; তোমাৰ বাবে নিৰবে কান্দিছো মূল্যহীন চকুলোৰে।।।

নকলেও সাক্ষী হৈ ৰব এই বকুল জোপা। An Assamese romantic poem by Inu Etc

*নকলেও সাক্ষী হৈ ৰব এই বকুল জোপা।* বকুল জোপা থিয় হৈ আছে এটা  ব্যৰ্থ প্ৰেমৰ সাক্ষী হৈ। তুমি আৰু মই কেতিয়াবা ভৰ দুপৰিয়া, কেতিয়াবা শীতৰ সন্ধিয়া আৰু এন্ধাৰ নিশা, আহিছিলো বকুল জোপালৈ। কব' নেলাগে ; এই ব্যৰ্থ প্ৰেমৰ কাহিনী। নকলেও সাক্ষী হৈ ৰব এই বকুল জোপা ; অনির্দিষ্ট কাললৈ এটা ব্যৰ্থ প্রেমৰ সাক্ষী হৈ।

সেই সন্ধিয়া,তোমাৰ হাহিৰ খলকনিয়ে..... । An Assamese romantic poem by Inu Etc

সেই সন্ধিয়া,তোমাৰ হাহিৰ খলকনিয়ে...... - শীতৰ সেমেকা বতৰত, মোৰ হৃদয়ৰ 'কেনভাচত'; তেজৰ তুলিকাৰে, আকিছিলো তোমাৰ ছবি।। চাইছিলো তোমাৰ প্রতিবিম্ব, নৈৰ বলীয়া পানীত; নৈ পাৰৰ... বালিৰ বুকুত বহি নিৰবে চকুলো টুকিছিলো; উটি গৈছিল বহু দুৰলৈ, নেদেখা নুশুনা কোনো দেশলৈ,,, তোমাৰ অস্তিত্ব আৰু...  মোৰ চকুলো! সেই সন্ধিয়া, তোমাৰ হাহিৰ খলকনিয়ে, ঢৌ খেলিছিল  মোৰ হৃদয়ত। হঠাতেই........., অদৃশ্য জুইৰ শিখাত, দপ দপকৈ জলি উঠিল অভিশপ্ত সেই নিশা।। আজিও মোৰ হৃদয়ত ঠেকা খাই সৃষ্টি কৰে প্রতিধ্বনিৰ, তোমাৰ হাহিৰ খলকনিয়ে।।

পৰিবর্তন। An Assamese poem by Inu Etc

পৰিবর্তন ----------------------------- নীলিম আকাশত অনন্ত কাললৈ, থাকিবনে নীলিমা? চৌদিশে কোলাহল, নাই কিয় নিৰবতা? সূৰুযৰ পোহৰক প্রত্যাহব্বান জনাই, এন্ধাৰ নামিছে; দূৰৈত, লঠঙা গছত কোবাই পচোৱা বলিছে; তাতোকৈয়ো দূৰৈত, ৰিণি-ৰিণি শুনা গৈছে, কোনোবাই, কৰুণ সুৰেৰে বাঁহী বজাইছে।। শব্দবোেৰ বতাহত ঠেকা খাই সুহুৰি মাৰিছে, ধেমালি কৰিছে।। আকৌ চৌদিশে কোলাহল ক্রমশ: ভাললগা শব্দবোৰ আতৰি গ'ল।।

"জীৱন"। An Assamese Poem by Inu Etc

অস্ত যাবলৈ ধৰা বেলিটো, দূৰৈৰ পাহাৰ খনত ঠেকা খালে; উন্মাদ জীৱনটো উৰি গ'ল কোবাল ধুুমুহাৰ মাজত-- যেন কাহানিও ওভতি নাহে !! লাহে লাহে এন্ধাৰ হ'ব, মই চাব নোৱাৰিম-- মোৰ চিনাকী নৈৰ চিনাকী পানী, প্ৰিয় পৃথিৱীৰ প্ৰিয়-অপ্ৰিয় মানুহ আৰু প্ৰিয়তমাৰ মিঠা হাঁহি।। সপোনবোৰ নিমিষতে জ্বলি ছাই হ'ব, হয়তো,আপোনজনেও মোক পাহৰি যাব।।

"যন্ত্ৰনা"। An Assamese sad romantic poem by Inu Etc

ক'ত ৰজনী উজাগৰে কান্দিছিলো তোমাৰ বাবে; বৰ কষ্ট হৈছিল জানা, তুমিযে দিছিলা নৰক যন্ত্ৰনা! অতীতৰ তোমাক স্মৰণ কৰিলে বৰ্ষাৰ বৰষুণৰ দৰে ধাৰাষাৰ চকুলো অাজিও সৰে। তোমাক ভাল পাইছিলো- সেয়াই মোৰ দোষ আছিলনে? © Inu Etc

"নিয়ৰৰ চকুলো"। An Assamese romantic poem by Inu Etc

"নিয়ৰৰ চকুলো" নিজম নিশা অজান শোকত নিয়ৰে চকুলো টোকে। ৰাতিপুৱা, সেই নিয়ৰ গছকি এহাল প্ৰেমাস্পদে এবুকু আশাৰে সোণালী ভৱিষ্যতলৈ আগবাঢ়ে।।

'মৃত্যুৱেই শেষ নহয়' । An Assamese Poem Inu Etc

'মৃত্যুৱেই শেষ নহয়' 'Death Is Not The End ------------------------------- ✍ Inu Etc ------------------------------- মৃত্যুৱেই শেষ নহয় সেয়ে মই জীয়াই আছো বস্তিৰ ল'ৰাবোৰৰ মাজত সিঁহতৰ মৰমৰ মায়াজালত। সিঁহতে 'ডাস্টবিন'ত খোৱাবস্তু বিচাৰিছিল অৱশ্যে পাইছিল আধাখোৱা 'কেক'বোৰ গেলাপঁচা বস্তুবোৰ, সিঁহতে খাইছিল সেয়াই খাইছিল মৌন ওঠত হাঁহি বিৰিঙিছিল। এতিয়া 'ডাস্টবিন'ত খোৱাবস্তু নিবিচাৰে মোৰ পৰা বিচাৰে- মৰম,ভালপোৱা মই কৃপনতা নকৰো। কাৰণ,মই জীয়াই আছো সিঁহতৰ মৰমৰ মায়াজালত, মৃত্যুৱেই শেষ নহয় সেয়ে মই জীয়াই আছো সিঁহতৰ মাজত।। ------------------------------- নোবেল বিজয়ী প্ৰখ্যাত গায়ক, সাহিত্যিক বব ডিল্যানলৈ। -------------------------------

"ৰোমন্থন"। Romantic Sad Assamese poem by Inu Etc

©Inu Etc এই কবিৰ নাছিলনো কি? সকলো আছিল! আছিল এখনি টুকুৰা টুকুৰ কলিজা, আৰু আছিল এজনী পাগল প্ৰিয়তমা। যাৰ বাবেই, একালত মৰিব খোজা এই কবিয়ে-আজিও, কবিতা লিখে, লিখে,কাহানিবাই হেৰাই যোৱা প্ৰেমৰ কবিতা, প্ৰিয়তমাৰ কবিতা।।

'প্ৰিয়তমালৈ প্ৰেমপত্ৰ'। An Assamese Romantic poem by Inu Etc

'প্ৰিয়তমালৈ প্ৰেমপত্ৰ' ✍Inu Etc মৰমৰ, প্ৰিয়তমা…… এইমাত্ৰ তোমালৈ একলম লিখিব খোজিছিলো, অকস্মাত বিজুলী গ'ল। এন্ধাৰত জানো লিখিব পাৰি? ম'ম এডাল জ্বলাই ললো। ম'মৰ সোণালী পোহৰত এয়া সোণালী সপোনবোৰ কাউৰীেঠঙীয়া আখৰেৰে বগা কাগজখনত লিখিব ধৰিলো- "মই তোমাক বহুত ভালপাওঁ" মহৰ যিহে উৎপাত। আজিলৈ ইমানেই। ইতি, তোমাৰ মৰমৰ………।।

'সমাধিৰ ফুল'। An Assamese poem by Inu Etc

'সমাধিৰ ফুল' ©(ইনু) মই মৰিলে তুমি নাকান্দিবা মোৰ সমাধিৰ কাষত এজোপা তেজৰঙা গোলাপ ৰুবা। জানো,মোৰ স্মৃতিবোৰে তোমাক কন্দুৱাব। তথাপি তুমি নাকান্দিবা। যৌৱন কালত যেতিয়া ফুলপাহ ফুলিব সুগন্ধি বিয়পাব তেতিয়া মোৰ সমাধিত তুমি আহিবা- প্ৰতিটো পুৱা,প্ৰতিটো সন্ধিয়া। গোলাপৰ সুগন্ধিত মোক বিচাৰি পাবা। মই মৰিলে তুমি নাকান্দিবা।।

"ভায়'লিন"। An Assamese Poem by Inu Etc

"ভায়'লিন" © ইনু কেতিয়াবা মই তোমাৰ আঁচল খনকেই ভায়'লিন বুলি ভূল কৰোঁ। ভূল কৰোঁ, ভূল কৰিয়েই মই বজাব খোজো কিন্তু সেয়াতো নহয় ভায়'লিন। তথাপিওবাজি ওঠে সপ্তসুৰ যদিও সেয়া মাথোঁ ময়েই শুনোঁ। মই ভূল কৰোঁ আজিকালি মইপৃথিৱীখন বগা-কলা দেখোঁ।।

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো) ____________________ © Inu Etc ____________________ এখন ভাল কিতাপ জ্ঞানৰ ভৰাঁল স্বৰূপ।সভ্য সমাজত কিতাপৰ প্ৰয়োজনীয়তা অপাৰ, ইয়াক কোনেও নুই কৰিব নোৱাৰে। সেয়েহে এগৰাকী বিখ্যাত সংস্কৃত কবিয়ে কৈছিল,—"সাহিত্য,সংগীত আৰু কলাত অনুৰাগ নথকা লোক নেজ আৰু শিং নথকা পশুৰ দৰে।"গতিকে কিতাপ পঢ়াটো এটা বৰ ভাল অভ্যাস আৰু মানসিক সন্তুষ্টিৰ বাবে নতুবা নিজৰ জ্ঞানৰ ভৰাঁল চহকী কৰিবলৈ আমি কিতাপ পঢ়িব লাগে। সৰুৰে পৰাই মোৰ কিতাপ পঢ়াৰ বৰ হেপাঁহ। বৰ্ণমালা শিকাৰ আগতেই প্ৰায় প্ৰত্যেক দিনাই দেউতাই বজাৰৰ পৰা ঘৰলৈ আহোতে বাতৰি কাকত এখন লৈ আহিছিল। ময়ো অধীৰ আগ্ৰহেৰে দেউতালৈ বাট চাই থাকিছিলোঁ। কাৰণ মই জানো, দেউতাই মোলৈ এখন বাতৰিকাকত আনিবই আনিব। য'ত থাকিব–মই চিনি নোপোৱা হেজাৰ আখৰ,হেজাৰ শব্দ। একো বুজা নাছিলো। মাথো ৰঙীন আৰু বগা-কলা আলোকচিত্ৰবোৰ চায়েই মই সন্তুষ্টি লাভ কৰিছিলো। লাহে লাহে ডাঙৰ হলো। বাতৰিকাকতৰ পৰাই আখৰবোৰ চিনি পোৱা হলো। বাক্যবোৰ মন্ত্ৰৰ দৰে পঢ়িব পৰা হলো।প্ৰিন্ট কৰা কাগজ এখন দেখিলেই দৌৰি গৈ বুটলিলৈ পঢ়িছিলো-এতিয়াও পঢ়ো।ক্ৰমশ: মোৰ কিতাপ পঢ়াৰ হাবিয়

'মৃত চকুলো'। An Assamese Poem By Inu Etc

'মৃত চকুলো' _________________ © Inu Etc _________________ সিদিনা ৰাতি,হঠাৎ মৰিলো মই পুৱা, বহুতো মানুহ গোট খালে মোক লৈ গ'ল ওচৰৰ সমাধিলৈ ঘাহনিত মোক থলে, মানুহবোৰে গুণ গুণকৈ কিবাকিবি ক'লে। : বৰ ভাল লাগিছিল নিয়ৰৰ টোপাল পৰি পুৱাৰ উজ্জল পোহৰত জিলিকি থকা ঘাহনিত মানুহৰ জুমবোৰ দেখিবলৈ। : লাহে লাহে মানুহবোৰ গ'ল হঠাৎ মোৰ কলিজাত বিষ অনুভৱ কৰিলো যেতিয়া দেখিলো- মোৰ সমাধিৰ কাষৰ বকুল গছজোপাৰ আৰত তুমি নিজকে লুকুৱাইছা আৰু লুকুৱাইছা তোমাৰ হৃদয়ৰ বিষাদ চুৰকৈ মচিছা তোমাৰ উষ্ণ চকুলো চকুলো বিৰিঙি উঠিল মোৰ মৃত চকুতো।। _________________