কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)
____________________
© Inu Etc
____________________
এখন ভাল কিতাপ জ্ঞানৰ ভৰাঁল স্বৰূপ।সভ্য সমাজত কিতাপৰ প্ৰয়োজনীয়তা অপাৰ, ইয়াক কোনেও নুই কৰিব নোৱাৰে। সেয়েহে এগৰাকী বিখ্যাত সংস্কৃত কবিয়ে কৈছিল,—"সাহিত্য,সংগীত আৰু কলাত অনুৰাগ নথকা লোক নেজ আৰু শিং নথকা পশুৰ দৰে।"গতিকে কিতাপ পঢ়াটো এটা বৰ ভাল অভ্যাস আৰু মানসিক সন্তুষ্টিৰ বাবে নতুবা নিজৰ জ্ঞানৰ ভৰাঁল চহকী কৰিবলৈ আমি কিতাপ পঢ়িব লাগে।
____________________
© Inu Etc
____________________
এখন ভাল কিতাপ জ্ঞানৰ ভৰাঁল স্বৰূপ।সভ্য সমাজত কিতাপৰ প্ৰয়োজনীয়তা অপাৰ, ইয়াক কোনেও নুই কৰিব নোৱাৰে। সেয়েহে এগৰাকী বিখ্যাত সংস্কৃত কবিয়ে কৈছিল,—"সাহিত্য,সংগীত আৰু কলাত অনুৰাগ নথকা লোক নেজ আৰু শিং নথকা পশুৰ দৰে।"গতিকে কিতাপ পঢ়াটো এটা বৰ ভাল অভ্যাস আৰু মানসিক সন্তুষ্টিৰ বাবে নতুবা নিজৰ জ্ঞানৰ ভৰাঁল চহকী কৰিবলৈ আমি কিতাপ পঢ়িব লাগে।
সৰুৰে পৰাই মোৰ কিতাপ পঢ়াৰ বৰ হেপাঁহ। বৰ্ণমালা শিকাৰ আগতেই প্ৰায় প্ৰত্যেক দিনাই দেউতাই বজাৰৰ পৰা ঘৰলৈ আহোতে বাতৰি কাকত এখন লৈ আহিছিল। ময়ো অধীৰ আগ্ৰহেৰে দেউতালৈ বাট চাই থাকিছিলোঁ। কাৰণ মই জানো, দেউতাই মোলৈ এখন বাতৰিকাকত আনিবই আনিব। য'ত থাকিব–মই চিনি নোপোৱা হেজাৰ আখৰ,হেজাৰ শব্দ। একো বুজা নাছিলো। মাথো ৰঙীন আৰু বগা-কলা আলোকচিত্ৰবোৰ চায়েই মই সন্তুষ্টি লাভ কৰিছিলো।
লাহে লাহে ডাঙৰ হলো। বাতৰিকাকতৰ পৰাই আখৰবোৰ চিনি পোৱা হলো। বাক্যবোৰ মন্ত্ৰৰ দৰে পঢ়িব পৰা হলো।প্ৰিন্ট কৰা কাগজ এখন দেখিলেই দৌৰি গৈ বুটলিলৈ পঢ়িছিলো-এতিয়াও পঢ়ো।ক্ৰমশ: মোৰ কিতাপ পঢ়াৰ হাবিয়াস বাঢ়ি গৈ থাকিল।ঘৰত বহুত কিতাপ, যদিও দেউতাই স্কুলীয়া পাঠ্যপুথি আৰু বাতৰিকাকতৰ বাহিৰে অইন একো পঢ়িব দিয়া নাছিল।কিন্তু কি কৰিম- কিতাপৰ প্ৰতি যে মোৰ ভীষণ দূৰ্বলতা।
বৰদেউতাৰ ঘৰখনৰ চিলিঙৰ ওপৰত বহুত কিতাপ আছিল।মই কোনেও নজনাকৈ চিলিঙৰ ওপৰত উঠি অসংখ্য মকৰাজালৰ মাজত বহি একেৰাহে দুই-তিনি ঘন্টাকৈ কিতাপ পঢ়িছিলো।ওপৰৰ টিনপাতৰ প্ৰচণ্ড তাপলৈ মই কাণসাৰেই কৰা নাছিলো।
মোৰ জীৱনত (চন-২০০৯, বয়স- ৬ বছৰ) মই পঢ়া প্ৰথমখন উপন্যাস আছিল- ৰঞ্জু হাজৰিকাৰ-'ধূসৰ পখীৰ ৰং'।
একেবহাতেই কিতাপখন পঢ়ি দেউতাৰ ওচৰলৈ যোৱাত ধৰা পৰি গলো।কিয়নো মোৰ দুচকু ৰঙা পৰি গৈছিল।এনেদৰেই কিতাপৰ পোক হৈছিলো মই।
বাইদেউবোৰে সম্পৰ্কীয় দাদা এজনৰ ঘৰৰ পৰা 'বিস্ময়' আৰু 'ৰহস্য' নামৰ আলোচনী দুখন প্ৰায়ে চুৰ কৰি আনিছিল।সিহঁতৰ পৰা আকৌ মই চুৰি কৰি আলোচনীবোৰ পঢ়িছিলো।এনেকৈয়ে 'বিস্ময়' আৰু 'ৰহস্য' আলোচনী দুখন মোৰ বৰ আপোন হৈ গৈছিল। 'বিস্ময়'ৰপৃষ্ঠাতেই পঢ়িছিলো- বৈদূৰ্য্য বৰুৱা,সূবৰ্ণ ফুকন আদি লেখকৰ মনোৰম লেখাবোৰ।এতিয়াও প্ৰতিমাহে মই বিস্ময়, ৰহস্য, সাতসৰী, বাৰওঠৰ আৰু পষেকীয়া আলোচনী 'প্ৰান্তিক' খনো পঢ়ো।
মোৰ দাদা এজন কবি, সাহিত্যিক। বছৰটোত এক- দুবাৰমান তেওঁৰ ঘৰলৈ গৈছিলো। তেওঁৰ কোঠাটোত অজস্ৰ কিতাপ আছিল- এতিয়াও আছে।বিভিন্ন স্কুল,কলেজৰ আলোচনী,গল্প,উপন্যাস আৰু কবিতাৰ কিতাপেৰে তেওঁৰ কোঠাটো হ'ল- তেওঁৰ ব্যক্তিগত লাইব্ৰেৰী।মই ওৰে দিনটো কোঠাটোত সোমাই বিভিন্ন ধৰনৰ কিতাপৰ সোৱাদ লাভ কৰিছিলোঁ। দাদাৰ লাইব্ৰেৰীত বিস্ময়ত প্ৰকাশিত বৈদূৰ্য্য বৰুৱাৰ লেখাবোৰ কিতাপ আকাৰে পঢ়ি মই বৰ সুখী হৈছিলো।পিছলৈ JNV ৰ লাইব্ৰেৰীতো তেওঁৰ উপন্যাস দুটা মান পঢ়িছিলোঁ।মই পঢ়া বৈদূৰ্য্য বৰুৱাৰ উপন্যাসবোৰ হ'ল- শিখৰ,'লাল বাংলাৰ মবিলৱালা',দেৱাল,'তাল বেতাল হৰতাল','বৰষুণৰ অপেক্ষাত' ইত্যাদি।কাঞ্চন বৰুৱাৰ(ভূবন মোহন বৰুৱা) 'অসীমত যাৰ হেৰালসীমা' উপন্যাস খন মোৰ প্ৰিয়।
সৰু মামাৰ সৰু ব্যক্তিগত লাইব্ৰেৰীত সোমাই ,তছলিমা নাছৰিনৰ কিতাপ বোৰ পঢ়ি বিচিত্ৰ অভিজ্ঞতা লাভ কৰিছিলোঁ।
বৰদেউতা আছিল এল.পি স্কুলৰ প্ৰধান শিক্ষক।'নেসনেল বুক ট্ৰাস্ট'ৰ ( NBT) পৰা অনা কিতাপ বোৰ পঢ়িছিলো তেওঁৰ পৰা।ব্ৰহ্মপুত্ৰনৈৰ মাজৰ সৰু বালিচৰ এখনত তেওঁৰ বিদ্যালয়খন আছিল।মাজে সময়ে মেচিন নাৱেৰে তালৈ গৈছিলোঁ।এতিয়া বৰদেউতাই অৱসৰ পালে।সেই ৰোমাঞ্চকৰ নদীযাত্ৰা এতিয়া মাথোঁ এটা — নষ্টালজি………
____________________
- Inu Etc
If you have any questions or if you wanna work with me, feel free to contact me. I’m always available to help young hustlers like you @InuEtc on Instagram.
Keep hustling!
Love, love!
Comments
Post a Comment