'প্ৰিয়তমালৈ প্ৰেমপত্ৰ'। An Assamese Romantic poem by Inu Etc
মৰমৰ,
প্ৰিয়তমা……
এইমাত্ৰ তোমালৈ
একলম লিখিব খোজিছিলো,
অকস্মাত বিজুলী গ'ল।
এন্ধাৰত জানো লিখিব পাৰি?
ম'ম এডাল জ্বলাই ললো।
ম'মৰ সোণালী পোহৰত
এয়া সোণালী সপোনবোৰ
কাউৰীেঠঙীয়া আখৰেৰে
বগা কাগজখনত
লিখিব ধৰিলো-
"মই তোমাক বহুত ভালপাওঁ"
মহৰ যিহে উৎপাত।
আজিলৈ ইমানেই।
ইতি,
তোমাৰ মৰমৰ………।।
Comments
Post a Comment