'সমাধিৰ ফুল'। An Assamese poem by Inu Etc

'সমাধিৰ ফুল'

©(ইনু)

মই মৰিলে তুমি নাকান্দিবা
মোৰ সমাধিৰ কাষত
এজোপা তেজৰঙা গোলাপ ৰুবা।

জানো,মোৰ স্মৃতিবোৰে
তোমাক কন্দুৱাব।
তথাপি তুমি নাকান্দিবা।

যৌৱন কালত যেতিয়া
ফুলপাহ ফুলিব
সুগন্ধি বিয়পাব
তেতিয়া মোৰ সমাধিত
তুমি আহিবা-
প্ৰতিটো পুৱা,প্ৰতিটো সন্ধিয়া।

গোলাপৰ সুগন্ধিত মোক
বিচাৰি পাবা।
মই মৰিলে তুমি নাকান্দিবা।।

Comments

Popular posts from this blog

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)

গুচি যা চকুলো। An Assamese sad poem by Inu Etc