Skip to main content

এটা কবিতা আৰু অলপ লেখা। An Assamese Article about Dzukou Valley by Inu Etc

এটা কবিতা আৰু অলপ লেখা।

_________________
শান্তিৰ উপত্যকা
জুক' উপত্যকা।
_________________
 ইনু  [ InuThinking.blogspot.com ]
_________________
অশান্ত অঞ্চলৰ মাজতো
এখনি শান্তিৰ উপত্যকা।
চৌদিশে তেজ আৰু চকুলোৰ গোন্ধ,
তাৰ মাজতো পোৱা যায় ফুলৰ সুগন্ধ।
বৈ যায় স্ফটিক যেন নিৰ্মল
বৰফ শীতল পানীৰ খৰস্ৰোতা নিজৰা।
শান্তিৰ উপত্যকা - জুক' উপত্যকা।
বিস্তিৰ্ণ সেউজীয়া ঘাঁহনিত
আশাৰ লিলি ফুলে।
স্নিগ্ধ বতাহ বলে।
নিশা আকাশৰ জিলমিল জোনাকে সংগ দিয়ে।
অশান্ত মনো শান্ত হয়।
হৃদয়তো আশাৰ লিলি ফুলে।।
_________________
Wild Trail নামৰ Wildlife Photography ৰ আলোচনী এখনত প্ৰথমে জুক' উপত্যকা ( Dzukou Valley) ৰ বিষয়ে পঢ়িছিলোঁ।

ফটোগ্ৰাফী বোৰ চায়েই জুক' ভেলীৰ প্ৰেমত পঢ়িছিলো। তেতিয়াৰ পৰাই জুক' ভেলীৰ বিষয়ে কিবা নহয় কিবা এটা লিখিব বিচাৰিছিলোঁ। আৰু সেইবাবেই আজি আবেলি পৰীক্ষা (Half yearly exam; Hindi) দি আহি লিখিবলৈ বহিলো।

          মনিপুৰ আৰু নাগালেণ্ডৰ সীমাৰ মাজত জুক' উপত্যকা অৱস্থিত।ইয়াত এবিধ লিলি ফুলে যি লিলি পৃথিৱীৰ অন্য কোনো ঠাইতে নুফুলে। সেয়ে লিলিবিধৰ নাম জুক' লিলি।
_________________
 "When lovers go to the valley,
the night also turns
like day and moonlight also
shines as of the Sun."
        - Local Mao (Naga Tribe) Legend.
 ________________

এই ফুলৰ উপত্যকা সাগৰ পৃষ্ঠৰ পৰা ২৪৫০ মিটাৰ ওপৰত অৱস্থিত। এই ফুলৰ উপত্যকালৈ যোৱাৰ সঠিক সময় হৈছে - জুন মাহৰ পৰা ছেপ্তেম্বৰ মাহ। কাৰণ এই চাৰিটা মাহ ইয়াত বৰষুণ নিদিয়ে আৰু লিলিবোৰো বিস্তিৰ্ণ অঞ্চল জুৰি ফুলি থাকে।

মাও ( Naga Tribe) সকলৰ ভাষাত  জুক' (Dzukou) মানে - সপোনৰ ভূমি ( The land of Dreams.)

মোৰ কবিতাটো পঢ়ি জুক' ভেলীৰ সৌন্দৰ্য্যৰ বিষয়ে হয়তো অলপ হলেও আভাস পাইছে। সেয়ে ইয়াৰ সৌন্দৰ্য্যৰ বৰ্ণনা কৰিবলৈ গৈ আৰু শব্দৰ অপচয় নকৰো।

যদি ভ্ৰমণ আপোনাৰ অভিৰুচি , যদি নতুন ঠাই চোৱাৰ হেপাহঁ আপোনাৰ আছে তেনেহলে সময় পালে এবাৰ যাবচোন- আশাৰ লিলি ফুলা সপোনৰ দেশ- জুক' উপত্যকালৈ।
মই কিন্তু যোৱা নাই- যাম।সময়- সুবিধা পালে যাম।
 বেছি দূৰ নহয় – নাগালেণ্ড।।
________________
_________________
Some Important Links

If you have any questions or if you wanna work with me, feel free to contact me. I’m always available to help young hustlers like you @InuEtc on Instagram.

Keep hustling!

Love, love!

Comments

Post a Comment