Skip to main content

"জীৱন"। An Assamese Poem by Inu Etc


অস্ত যাবলৈ ধৰা বেলিটো,
দূৰৈৰ পাহাৰ খনত
ঠেকা খালে;
উন্মাদ জীৱনটো উৰি গ'ল
কোবাল ধুুমুহাৰ মাজত--
যেন কাহানিও ওভতি নাহে !!

লাহে লাহে এন্ধাৰ হ'ব,
মই চাব নোৱাৰিম--
মোৰ চিনাকী নৈৰ
চিনাকী পানী,
প্ৰিয় পৃথিৱীৰ
প্ৰিয়-অপ্ৰিয় মানুহ
আৰু প্ৰিয়তমাৰ মিঠা হাঁহি।।

সপোনবোৰ
নিমিষতে জ্বলি ছাই হ'ব,
হয়তো,আপোনজনেও মোক পাহৰি যাব।।

Comments