পৰিবর্তন
-----------------------------
নীলিম আকাশত
অনন্ত কাললৈ,
থাকিবনে নীলিমা?
চৌদিশে কোলাহল,
নাই কিয় নিৰবতা?
সূৰুযৰ পোহৰক
প্রত্যাহব্বান জনাই,
এন্ধাৰ নামিছে;
দূৰৈত, লঠঙা গছত কোবাই
পচোৱা বলিছে;
তাতোকৈয়ো দূৰৈত,
ৰিণি-ৰিণি শুনা গৈছে,
কোনোবাই,
কৰুণ সুৰেৰে
বাঁহী বজাইছে।।
শব্দবোেৰ বতাহত ঠেকা খাই
সুহুৰি মাৰিছে,
ধেমালি কৰিছে।।
আকৌ চৌদিশে কোলাহল
ক্রমশ:
ভাললগা শব্দবোৰ আতৰি গ'ল।।
-----------------------------
নীলিম আকাশত
অনন্ত কাললৈ,
থাকিবনে নীলিমা?
চৌদিশে কোলাহল,
নাই কিয় নিৰবতা?
সূৰুযৰ পোহৰক
প্রত্যাহব্বান জনাই,
এন্ধাৰ নামিছে;
দূৰৈত, লঠঙা গছত কোবাই
পচোৱা বলিছে;
তাতোকৈয়ো দূৰৈত,
ৰিণি-ৰিণি শুনা গৈছে,
কোনোবাই,
কৰুণ সুৰেৰে
বাঁহী বজাইছে।।
শব্দবোেৰ বতাহত ঠেকা খাই
সুহুৰি মাৰিছে,
ধেমালি কৰিছে।।
আকৌ চৌদিশে কোলাহল
ক্রমশ:
ভাললগা শব্দবোৰ আতৰি গ'ল।।
Comments
Post a Comment