- শীতৰ সেমেকা বতৰত,
মোৰ হৃদয়ৰ 'কেনভাচত';
তেজৰ তুলিকাৰে,
আকিছিলো তোমাৰ ছবি।।
চাইছিলো তোমাৰ প্রতিবিম্ব,
নৈৰ বলীয়া পানীত;
নৈ পাৰৰ...
বালিৰ বুকুত বহি
নিৰবে চকুলো টুকিছিলো;
উটি গৈছিল
বহু দুৰলৈ,
নেদেখা নুশুনা কোনো দেশলৈ,,,
তোমাৰ অস্তিত্ব আৰু...
মোৰ চকুলো!
সেই সন্ধিয়া,
তোমাৰ হাহিৰ খলকনিয়ে,
ঢৌ খেলিছিল
মোৰ হৃদয়ত।
হঠাতেই.........,
অদৃশ্য জুইৰ শিখাত,
দপ দপকৈ জলি উঠিল
অভিশপ্ত সেই নিশা।।
আজিও মোৰ হৃদয়ত
ঠেকা খাই সৃষ্টি কৰে
প্রতিধ্বনিৰ,
তোমাৰ হাহিৰ খলকনিয়ে।।
Comments
Post a Comment