সলনি হৈছা তুমি। বহু বেছি পৰিবৰ্তন তোমাৰ। কম সময়তে। এসময়ৰ অতি আপোন, অতি চিনাকি মই। এতিয়া অচিনাকি। তোমাৰ স্নিগ্ধ শান্ত কণ্ঠ এতিয়া কঠোৰ, কৰ্কষ, নিস্প্ৰাণ। শুনিলে এনে লাগে, যেন কোনোবাই মোৰ কলিজাত এচিড ঢালি দিছে। মই সলনি হোৱা নাই। মই নোৱাৰো-নুখোজো। মই পাহৰিব নোৱাৰো – প্ৰতিজ্ঞাবোৰ। সকলো দেখিছো, দেখিয়েই আছো। একো নকও আৰু। মাথোঁ বিচাৰো তুমি সুখী হোৱা। তোমাৰ জীৱনৰ প্ৰতিটো সিদ্ধান্ত তোমাৰ মগজুৰে লোৱা। প্ৰতিদিন এটি হাঁহি বিৰিঙক তোমাৰ নিস্পাপ যেন লগা মুখনিত। আৰু চকুলো শব্দটো, তোমাৰ শব্দকোষত যেন নাথাকে। এয়াই বিচাৰে এই পাগল প্ৰেমিকে। © ইনু। 22 July 2021 💚
A multilingual (Assamese, Hindi, and English) literary blog by Inu Etc. Contains poems, essays, and stories written by Inu Etc.