Skip to main content

Posts

Showing posts from July, 2017

অশান্তি - ২ (আকৌ অশান্তি)। An Assamese Poem by Inu Etc

 অশান্তি - ২ (আকৌ অশান্তি) © Inu Etc বিষাপ্ত পৃথিৱীখনত অক্সিজেনৰ অভাৱ বৰকৈ অনুভৱ কৰিছোঁ। মোৰ উশাহ লওতে কষ্ট হৈছে! ক্ৰমশ: মোৰ উশাহবোৰ ঘনৰ পৰা ঘনতৰ হৈছে। যদিও মোৰ হাওঁফাওঁৰ মোনাবোৰ ফুলা নাই! মই নজনাকৈয়ে,অতি সংগোপনে মোৰ হাওঁফাওঁ আৰু কলিজাত কোনোবাই যেন, ফুটা কৰি থৈ গ'ল। এতিয়া ঘড়ীৰ ছেকেণ্ডৰ কাইটডালৰ শব্দও স্কুলৰ বেলটোৰ দৰে কৰ্কষ ভাৱে, মোৰ কাণত বাজে। অসহ্য হৈ কাণদুখন দুহাতেৰে জোৰকৈ হেঁচা মাৰি ধৰোঁ। সিদিনা খঙতে ঘড়ীটো ভাঙিলোঁ। সময় বাগৰে, বুকু বিষায় উঠে, দুটোপাল চকুলো সৰে। লাহে লাহে নিৰ্বাক,নিস্পন্দ হৈ নিস্তেজ হৈ পৰোঁ। অলপ শান্তি… পিছদিনা, আকৌ অশান্তি !! Like this post? Don’t forget to share it with your friends!

সৌভাগ্যক্ৰমে এক্সিডেন্ট | An Assamese Romantic Story by Inu Etc

--"তুমি!" --"অ' ৰাজ মই বৰ্ষা, এই মেডিকেলটোৰ নাৰ্চ।" -- "তুমি! তুমি মোৰ বৰ্ষানে?" -- "আৰে বাবা,মই তোমাৰেই বৰ্ষা, আৰু এয়া চোৱা- তুমি দিয়া তোমাৰ সেই ৰুমাল।"                 শৈশৱৰ খেলৰ লগৰী,যাক জীৱনৰ লগৰী কৰিব খুজিছিল,তাক নিজৰ চকুৰ সন্মুখত দেখা পাই ৰাজৰ সপোন দেখা যেন লাগিল।নিজৰ দুচকুক সি বিশ্বাস কৰিবলৈ টান পালে।                যোৱা সোতৰটা বছৰ ক'তনো বিচৰা নাই বৰ্ষাক। 'ফুল ভালপোৱা ছোৱালী জনী'ক বিচাৰিবলৈ বিভিন্ন ফুলৰ দোকানতো গৈছিল সি। দেশ-বিদেশ ঘূৰিছে ৰাজে- জীৱনৰ প্ৰথম আৰু শেষ ভালপোৱা - বৰ্ষাৰ বাবে। প্ৰতিষ্ঠিত লেখক ৰাজ শৰ্মাই দিন ৰাতি একাকাৰ কৰি মাথোঁ বৰ্ষাকেই বিচাৰিছিল আৰু আজি দুৰ্ঘটনাক্ৰমে মেডিকেল খনতেই দেখা হ'ল ৰাজ আৰু বৰ্ষাৰ।                  ৰাজৰ মনটো অতীতলৈ উৰা মাৰিলে।সেই সোণালী শৈশৱৰ স্বৰ্ণময় ক্ষণলৈ।ৰাজৰ ঘৰৰ প্ৰায় এককিলোমিটাৰ দূৰেৰে বৈ গৈছিল বিশাল ব্ৰহ্মপুত্ৰ নৈ খন। নদীৰ কাষতেই আছিল কেইঘৰমান নেপালী মানুহৰ মঁহৰ খুঁটি। সেইসময়ত ৰাজ বহুত সৰু আছিল।                  বৰ্ষা নামৰ অতিকৈ ধুনীয়া,মৰমলগা সৰু ছোৱালী এজনীয়ে তাইৰ অকণম

প্ৰেৰণা - An Assamese romantic story by Inu Etc

 -"দুপৰীয়া হ'ল।সূৰ্য মূৰৰ ওপৰ পালেহি। নিয়ৰ, উঠা আকৌ! শুইৱে থাকিবা আজি।উঠা নিয়ৰ।অফিচলৈ দেৰি হৈ যাব।"                 এনেকৈয়ে প্ৰায় প্ৰত্যেকদিনেই অনুভূতিয়ে মোক মাতিছিল।ময়ো, তাই নমতালৈকে বিছনাত পৰিয়েই থাকিছিলোঁ।                  আজি দুবছৰ হ'ল।অনুভূতিয়ে মোক আৰু এনেদৰেএবাৰো মতা নাই। হঠাতেই অনুভূতিয়ে মোক আৰু আমাৰ একমাত্ৰ সন্তান অনুৰাধাক অকলশৰীয়াকৈ এৰি থৈ গুচি গ'ল।বহু দূৰলৈ গুচি গ'ল তাই। থৈ গ'ল মাথোঁ স্মৃতিবোৰ।                     কৰ্মসূত্ৰে গুৱাহাটীতে থাকো। ৯২.৭ বিগ এফ এম নামৰ ৰেডিঅ' ষ্টেসন এটাত আৰ জেৰ কাম কৰো।দিনৰ দিনটো বকাবকি কৰিব লাগে- সেয়াই কাম।                      অনুৰাধাৰ বয়স দুবছৰমান হৈছিল।অনুভূতিয়ে সিদ্ধান্ত লৈছিল -  শ্বিলঙলৈ ফুৰিবলৈ যোৱাৰ।অনুভূতিৰ প্ৰিয় ঠাই আছিল শ্বিলং।আচলতে যিকোনো পাহাৰীয়া ঠাইয়েই তাইৰ প্ৰিয় আছিল।মুঠতে তাই অাছিল পাহাৰ ভালপোৱা এজনী ছোৱালী।                      শ্বিলঙৰ  অকোৱা পকোৱা পাহাৰীয়া বাটেৰে আমাৰ গাড়ীখন আগলৈ গৈছিল।মই ড্ৰাইভিং কৰিছিলোঁ।মোৰ কাষতেই অনুভূতিয়ে অনুৰাধাক কোলাত লৈ বহিছিল।দুয়োজনেই বহুত কথা পাতি স্ফূৰ্তি ক

এন্ধাৰ, এলান্ধু আৰু মোৰ অশান্ত মন।হৃদয়ৰ পৃষ্ঠাৰ পৰা…। An Assamese Article by Inu Etc

                        বহু দিন লিখা নাই। কি হৈছে মোৰ? কৃত্ৰিমতাৰ পৰশ পাইছো।বহুত পৰিবৰ্তন হৈছে মোৰ জীৱনৰ আৰু মোৰ।মই নজনাকৈয়ে!                      আজি প্ৰবন্ধ এটা লিখিবলৈ লওতেই প্ৰায় দহ পৃষ্ঠা শেষ হ'ল।যদিও মন পছন্দৰ এটা শব্দও লিখিব নোৱাৰিলো। অশান্ত মন লৈ জানো সৃষ্টিশীল কাম কৰিব পাৰি? নোৱাৰি।                     সৃষ্টিশীল কাম কৰিবলৈ শান্ত এটা মগজুৰ উপৰিও প্ৰয়োজন হয় - শান্ত পৰিবেশ আৰু নিৰ্জনতাৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তি নিকেতনতো শান্তি বিচাৰি প্ৰায় প্ৰতিমাহেই নিজৰ ঘৰ সলাইছিল।নতুবা নিজৰ কোঠাটোৰ 'ষ্টাইল'ৰ পৰিবৰ্তন কৰিছিল।তেও বৰ খামখেয়ালি স্বভাৰ ব্যক্তি আছিল।                         দেউতাই কয়, " পঢ়া পাতি বাদ দি এইবোৰ কি লিখি থাক? বাদ দে এইবোৰ!"                         সকলো দিশেই যন্ত্ৰণা আৰু অশান্তি। শব্দবোৰৰ মাজত  মৰম,ভালপোৱা আৰু অলপ শান্তি বিচাৰি পাওঁ। কিন্তু তাতো বাধা ।                        এন্ধাৰত জানো লিখিব পাৰি? চাৰিওফালে মাথোঁ এন্ধাৰ আৰু এলান্ধু। বৰ জটিল! বৰ জটিল- এই এন্ধাৰ আৰু এলান্ধুৰ বিষাক্ত জাল।                         মই মুক্ত হ'ব পৰ

'অশান্তি'। An Assamese poem by Inu Etc

'অশান্তি' © ইনু বিশাল অট্টালিকা,বিলাসী 'কাৰ' , 'গ্লেমাৰ'… মই জানো বিচাৰোঁ? মই অলপ মৰম,ভালপোৱা আৰু শান্তি বিচাৰোঁ। মোকতো আন একো নালাগে! তথাপিও কিয়? ইমান বাধা… পলে পলে মগজু গৰম হোৱা কথা, অশান্তি,যন্ত্ৰণা… নিদ্ৰাহীন ৰজনীৰ সংগী মাথো মোৰ শুকাই যোৱা দুচকুৰ দুটোপাল তপত চকুলো মই জানো বিচাৰিছিলোঁ ? ______________________ *[ চকুচৰহা মানুহে আনৰ শান্তি সহ্য কৰিব নোৱাৰে সেয়ে আনকো জ্বলায়, নিজেও জলে।।] Like this post? Don’t forget to share it with your friends!