অশান্তি - ২ (আকৌ অশান্তি)
© Inu Etc
বিষাপ্ত পৃথিৱীখনত অক্সিজেনৰ অভাৱ
বৰকৈ অনুভৱ কৰিছোঁ।
মোৰ উশাহ লওতে কষ্ট হৈছে!
ক্ৰমশ: মোৰ উশাহবোৰ
ঘনৰ পৰা ঘনতৰ হৈছে।
যদিও মোৰ হাওঁফাওঁৰ মোনাবোৰ ফুলা নাই!
মই নজনাকৈয়ে,অতি সংগোপনে
মোৰ হাওঁফাওঁ আৰু কলিজাত
কোনোবাই যেন, ফুটা কৰি থৈ গ'ল।
এতিয়া ঘড়ীৰ ছেকেণ্ডৰ কাইটডালৰ শব্দও
স্কুলৰ বেলটোৰ দৰে কৰ্কষ ভাৱে,
মোৰ কাণত বাজে।
অসহ্য হৈ কাণদুখন দুহাতেৰে
জোৰকৈ হেঁচা মাৰি ধৰোঁ।
সিদিনা খঙতে ঘড়ীটো ভাঙিলোঁ।
সময় বাগৰে,
বুকু বিষায় উঠে,
দুটোপাল চকুলো সৰে।
লাহে লাহে নিৰ্বাক,নিস্পন্দ হৈ নিস্তেজ হৈ পৰোঁ।
অলপ শান্তি…
পিছদিনা,
আকৌ অশান্তি !!
Like this post? Don’t forget to share it with your friends!
Comments
Post a Comment