এন্ধাৰ, এলান্ধু আৰু মোৰ অশান্ত মন।হৃদয়ৰ পৃষ্ঠাৰ পৰা…। An Assamese Article by Inu Etc
বহু দিন লিখা নাই। কি হৈছে মোৰ? কৃত্ৰিমতাৰ পৰশ পাইছো।বহুত পৰিবৰ্তন হৈছে মোৰ জীৱনৰ আৰু মোৰ।মই নজনাকৈয়ে!
আজি প্ৰবন্ধ এটা লিখিবলৈ লওতেই প্ৰায় দহ পৃষ্ঠা শেষ হ'ল।যদিও মন পছন্দৰ এটা শব্দও লিখিব নোৱাৰিলো।
অশান্ত মন লৈ জানো সৃষ্টিশীল কাম কৰিব পাৰি? নোৱাৰি।
সৃষ্টিশীল কাম কৰিবলৈ শান্ত এটা মগজুৰ উপৰিও প্ৰয়োজন হয় - শান্ত পৰিবেশ আৰু নিৰ্জনতাৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তি নিকেতনতো শান্তি বিচাৰি প্ৰায় প্ৰতিমাহেই নিজৰ ঘৰ সলাইছিল।নতুবা নিজৰ কোঠাটোৰ 'ষ্টাইল'ৰ পৰিবৰ্তন কৰিছিল।তেও বৰ খামখেয়ালি স্বভাৰ ব্যক্তি আছিল।
দেউতাই কয়, " পঢ়া পাতি বাদ দি এইবোৰ কি লিখি থাক? বাদ দে এইবোৰ!"
সকলো দিশেই যন্ত্ৰণা আৰু অশান্তি। শব্দবোৰৰ মাজত মৰম,ভালপোৱা আৰু অলপ শান্তি বিচাৰি পাওঁ। কিন্তু তাতো বাধা ।
এন্ধাৰত জানো লিখিব পাৰি?
চাৰিওফালে মাথোঁ এন্ধাৰ আৰু এলান্ধু। বৰ জটিল! বৰ জটিল- এই এন্ধাৰ আৰু এলান্ধুৰ বিষাক্ত জাল।
মই মুক্ত হ'ব পৰা নাই……!
Comments
Post a Comment