Skip to main content

আকৌ চকুলো। An Assamese Sad Romantic Poem by Inu Etc


আজি কবিতা লিখা নাই।
বুকুৰ ভিতৰত উমি উমি জ্বলি থকা
যন্ত্ৰনাৰ জুইকুৰা নিয়ন্ত্ৰন কৰিবলৈ
মাথোঁ চকুলোৰ প্ৰলেপ দিছোঁ।

জানা, বৰ কষ্ট হৈছে মোৰ
তোমাৰ চকুলোবোৰ দেখি
যদিও, মচি দিয়াৰো অধিকাৰ মোৰ নাই!

মোৰ নিজৰ যন্ত্ৰনাবোৰ
অলপ হলেও নিয়ন্ত্ৰন কৰিব পাৰো।
কিন্তু তোমাৰ কষ্টত
মোৰ নৈ হৈ বৈ যোৱা চকুলো
মই বাধা দি ৰাখিব নোৱাৰো।

কিয়?
কিয় ইমান ভাল পাওঁ তোমাক
নাইবা,
তুমি মোক কিয়
ইমান ভালপোৱা?

মোৰ বাবেইতো তোমাৰ কষ্ট
আৰু তোমাৰ কষ্ট বাবেইতো-
মোৰ চকুলো।

আৰু নিলিখো
অলপ কান্দি লওঁ !

© Inu Etc

If you have any questions or if you wanna work with me, feel free to contact me. I’m always available to help young hustlers like you @InuEtc on Instagram.

Keep hustling!

Love, love!

Comments