চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ। এই অন্ধকাৰ ফালি দুডাল সৰলৰেখাৰ ওপৰেৰে আগুৱাই গৈছে নিশাৰ 'ট্ৰেইন'খন। ঘৰত মোৰ বিয়াৰ কথা বাৰ্তা চলি আছে। সেয়ে ঘৰ মানে গুৱাহাটীলৈ গৈ আছোঁ। কলকাতাৰ পৰা ট্ৰেইনত উঠিছো। মোৰ কোঠাটোত থকা মানুহকেইজনৰ লগত আড্ডা মাৰি ভালদৰেই সময়বোৰ পাৰ কৰিলো। কিন্তু সকলোবোৰ এটা এটাকৈ নামি যোৱাত মই বৰ অকলশৰীয়া হৈ পৰিলো। নিশাৰ অন্ধকাৰে মোক গ্ৰাহ কৰি পেলালে। মই নামিম একেবাৰে শেষ ষ্টেশনত।সেয়ে ভাৱিলো এঘুমটি মাৰি লওঁ। কিয়নো শেষ ৰাতিহে মই মোৰ গন্তব্য স্থান পাম। নিদ্ৰাদেৱীৰ কোলাত অলপ সময় শুইছিলোহে, হঠাৎ জোৰকৈ দিয়া জোকাৰণি এটাৰে ট্ৰেইনখন ৰৈ গ'ল। কিবা এটা বুজি পোৱাৰ আগতেই দেখা পালোঁ এজনী ছোৱালী ট্ৰেইনখনলৈ উঠি আহিল। এন্ধাৰ বাবে ছোৱালীজনীক ভালকৈ দেখা নাপালো। ট্ৰেইনখন আকৌ চলিবলৈ ধৰিলে। মই আকৌ ভয়েই খাইছিলো। ডকাইতৰ দলেই ট্ৰেইনখন ৰখালে কিজানি! এই ঠাইখনত প্ৰায়ে বোলে ডকাইতে ট্ৰেইন ৰখাই ট্ৰেইনৰ মানুহক হাৰাশাস্তি কৰে। যিয়েই নহওক ট্ৰেইন খন...
প্ৰাথমিক পৰ্বতাৰোহণ পাঠ্যক্ৰমত মোৰ ৰোমাঞ্চকৰ অভিজ্ঞতা: পৰ্বতাৰোহণ আৰু আত্মানুসন্ধান - Basic Mountaineering Course - Inu Etc
Basic Mountaineering Course ল’বলৈ মোক কিহে প্ৰেৰণা দিলে? আমাৰ জীৱন আৰু পাহাৰ, পৰ্বত, প্ৰকৃতিৰ সকলো বস্তুৰ মাজত সাদৃশ্য আছে কাৰণ আমিও প্ৰকৃতিৰ অংশ। মই ভাৱো জীৱনটো বেছি ভালকৈ বুজিবলৈ আপোনাৰ জীৱনত অন্তত এবাৰ ট্ৰেকলৈ যোৱাৰ প্ৰয়োজন । প্ৰথমবাৰৰ বাবে ঐকিক ভ্ৰমণকাৰী হিচাপে পদযাত্রা (ট্ৰেকিং) কৰিবলৈ যোৱাৰ সময়ত দুদিন ধৰি বিদ্যুৎ আৰু নেটৱৰ্কৰ ব্যৱহাৰৰ পৰা বঞ্চিত আছিলোঁ। প্ৰথমবাৰৰ বাবে গুগল আৰু কিতাপ অবিহনে জীৱনৰ শ শ নতুন কথা জানিব পাৰিছিলোঁ। মই উপলব্ধি কৰিলোঁ মোৰ পৰিয়াল মোৰ বাবে কি অৰ্থ বহন কৰে। গন্তব্য স্থানতকৈ যে প্ৰকৃতিৰ গুৰুত্ব , সমন্বয় , শাৰীৰিক সক্ষমতা , অনুশাসন , শৃংখলা , সময়সূচী , দলীয় কাম , সহযোগিতা আৰু যাত্ৰাৰ গুৰুত্ব বেছি সেয়া শিকিলোঁ। যাত্ৰা আৰু প্ৰক্ৰিয়াটোৱেই সকলো, লক্ষ্যত উপনীত হোৱাৰ পিছত একো নাই, নিশ্চিতভাৱে সেই সফলতাৰ অনুভূতি পাব, কিন্তু তাৰ পিছত আকৌ সেই অনুভূতিৰ বাবে ক্ষুধাতুৰ হৈ থাকিব। হয়তো এইবাবেই মই কেতিয়াও যাত্ৰা বন্ধ নকৰো, মই মোৰ শেষ নিঃশ্বাস পৰ্যন্ত ভ্ৰমণ কৰি থাকিম। যাত...