প্ৰাথমিক পৰ্বতাৰোহণ পাঠ্যক্ৰমত মোৰ ৰোমাঞ্চকৰ অভিজ্ঞতা: পৰ্বতাৰোহণ আৰু আত্মানুসন্ধান - Basic Mountaineering Course - Inu Etc
Basic Mountaineering Course ল’বলৈ মোক কিহে প্ৰেৰণা দিলে?
আমাৰ জীৱন আৰু পাহাৰ, পৰ্বত, প্ৰকৃতিৰ সকলো বস্তুৰ মাজত সাদৃশ্য আছে কাৰণ আমিও প্ৰকৃতিৰ অংশ।
মই ভাৱো জীৱনটো বেছি ভালকৈ বুজিবলৈ আপোনাৰ জীৱনত অন্তত এবাৰ ট্ৰেকলৈ যোৱাৰ প্ৰয়োজন।
প্ৰথমবাৰৰ বাবে ঐকিক ভ্ৰমণকাৰী হিচাপে পদযাত্রা (ট্ৰেকিং) কৰিবলৈ যোৱাৰ সময়ত দুদিন ধৰি বিদ্যুৎ আৰু নেটৱৰ্কৰ ব্যৱহাৰৰ পৰা বঞ্চিত আছিলোঁ। প্ৰথমবাৰৰ বাবে গুগল আৰু কিতাপ অবিহনে জীৱনৰ শ শ নতুন কথা জানিব পাৰিছিলোঁ।
মই উপলব্ধি কৰিলোঁ মোৰ পৰিয়াল মোৰ বাবে কি অৰ্থ বহন কৰে। গন্তব্য স্থানতকৈ যে প্ৰকৃতিৰ গুৰুত্ব, সমন্বয়, শাৰীৰিক সক্ষমতা, অনুশাসন, শৃংখলা, সময়সূচী, দলীয় কাম, সহযোগিতা আৰু যাত্ৰাৰ গুৰুত্ব বেছি সেয়া শিকিলোঁ।
যাত্ৰা আৰু প্ৰক্ৰিয়াটোৱেই সকলো, লক্ষ্যত উপনীত হোৱাৰ পিছত একো নাই, নিশ্চিতভাৱে সেই সফলতাৰ অনুভূতি পাব, কিন্তু তাৰ পিছত আকৌ সেই অনুভূতিৰ বাবে ক্ষুধাতুৰ হৈ থাকিব। হয়তো এইবাবেই মই কেতিয়াও যাত্ৰা বন্ধ নকৰো, মই মোৰ শেষ নিঃশ্বাস পৰ্যন্ত ভ্ৰমণ কৰি থাকিম।
যাত্ৰাৰ সময়ত, পৰ্বতৰ দাঁতিৰ পৰা যেতিয়া মই তললৈ চাইছিলোঁ আৰু সেই তীক্ষ্ণ অনুভৱ – উফফ, – এতিয়াও ই জীৱন্ত আৰু স্পন্দনশীল।
শিখৰত উপনীত হোৱাৰ মুহূৰ্ততে মই অনুভৱ কৰিলোঁ যে মই এটা মহৎ কাম সম্পন্ন কৰিলোঁ, মই উপলব্ধি কৰিলোঁ যে মই মোৰ ভয়ক জয় কৰিলোঁ, নতুন নতুন কথা শিকিলোঁ আৰু মোৰ নতুন Passion বিচাৰি পালো – ট্ৰেকিং আৰু পৰ্বতাৰোহণ।
১৫ জুলাই ২০২৩ তাৰিখে, মই মানালীৰ অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং আৰু এলাইড স্পৰ্টছ (Atal Bihari Vajpayee Institute of Mountaineering and Allied Sports) ত – Basic Mountaineering Courseৰ বাবে আবেদন জনাইছিলোঁ।
জীৱনত প্ৰথমবাৰৰ বাবে, মই মোৰ কঠোৰ পৰিশ্ৰম কৰি উপাৰ্জন কৰা ধন খৰচ কৰাৰ পাছতো সুখী অনুভৱ কৰিছিলোঁ।
৩১ আগষ্ট — গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ – Basic Mountaineering Course
মই গুৱাহাটী বিমানবন্দৰৰ পৰা নতুন দিল্লী বিমানবন্দৰ লৈ গৈছিলোঁ। দুমাহৰ বানপানী আৰু ভূমিস্খলনৰ পিছতো হিমাচল প্ৰদেশৰ অৱস্থা সঁচাকৈয়ে বেয়া হৈ পৰিছিল, গতিকে দিল্লীৰ পৰা মানালিলৈ যোৱা মোৰ পোনপটীয়া বাছখন বাতিল হৈ যোৱাত হিমাচল প্ৰদেশৰ মণ্ডিলৈ আন এখন বাছ ভাড়া কৰিব লগা হৈছিল।
১ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ — Atal Bihari Vajpayee Institute of Mountaineering and Allied Sports, Manali
মই পুৱা ৫ বজাত মণ্ডিত উপস্থিত হৈছিলোঁ।
মণ্ডিৰ পৰা মই, এহাল ৰাছিয়ান দম্পতি আৰু কেৰালাৰ এজন লোকৰ সৈতে একেলগে এখন টেক্সী ভাড়া কৰি ভুন্টাৰলৈ গৈছিলোঁ। ভুন্টাৰৰ পৰা কুল্লুলৈ বাছ লৈছিলোঁ, তাৰ পিছত আন এখন বাছত মানালীলৈ গৈছিলোঁ, আৰু তাৰ পিছত আন এখন টেক্সীৰে ইনষ্টিটিউটলৈ গৈছিলোঁ।
মই প্ৰায় ১ বজাত ইনষ্টিটিউটত উপস্থিত হৈছিলোঁ। সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি বিয়াছ হোষ্টেল (Beas Hostel) ৰ কোঠা D4 ত বিচনা এখন পাইছিলোঁ, আৰু মোৰ কিছু সহপাঠীৰ সৈতে পৰিচিত হৈছিল।
আমাৰ কেম্পাছটো মোৰ বহুত ভাল লাগিছিল আৰু মধ্যাহ্ন ভোজনো বহুত ভাল আছিল।
মধ্যাহ্ন ভোজনৰ পিছত, মই গুদামঘৰৰ পৰা সকলো প্ৰয়োজনীয় কাপোৰ আৰু বস্তু সংগ্ৰহ কৰিছিলোঁ।
২ তাৰিখৰ পৰা ১০ ছেপ্টেম্বৰলৈকে আমাৰ দিনটো আৰম্ভ হৈছিল পুৱা ৫:৩০ বজাত দৌৰ আৰু কঠোৰ ব্যায়ামৰ সৈতে। পিছত, আমি শিল আৰোহণৰ (ৰক ক্লাইম্বিং) ক্ষেত্ৰত ব্যৱহাৰিক পাঠ লৈছিলোঁ, আৰু গধূলি আমি পৰ্বতাৰোহণৰ তত্ত্বৰ বক্তৃতা শুনিবলৈ গৈছিলোঁ।
আমাৰ দিনটো অন্ত পৰিছিল কঠোৰ বাধা দৌৰৰ (obstacle race) শেষত পেশীবোৰ শিথিল কৰাৰ ব্যায়ামৰ সৈতে।
আমি প্ৰায় প্ৰতিদিনে ৰাতিপুৱাৰ ভ্ৰমণৰ সময়ত বিভিন্ন স্থানীয় মন্দিৰ ভ্ৰমণ কৰিছিলোঁ।
আমি ১০ দিনলৈকে প্ৰতিদিনৰ তত্ত্ব পাঠদানত পৰ্বতাৰোহণৰ সকলো গুৰুত্বপূর্ণ বিষয় শিকিছিলোঁ আৰু আমাৰ সহনশীলতা আৰু জ্ঞান বৃদ্ধি কৰি নিজকে প্ৰস্তুত কৰিছিলোঁ।
৬ ছেপ্টেম্বৰত আমি আমাৰ ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহত নেটফ্লিক্স (Netflix) ৰ তথ্যচিত্ৰ ‘১৪ পিকছ: নাথিং ইজ ইম্প’চিবল’ (‘14 Peaks: Nothing is Impossible’) চাইছিলোঁ। মই ভাৱো প্ৰতিজন আকাংক্ষিত পৰ্বতাৰোহীয়ে এই চিনেমাখন চোৱা উচিত কাৰণ ই আমাৰ বাবে প্ৰেৰণাদায়ক আৰু একে সময়তে মনোৰঞ্জনদায়কো হয়। নেপালী পৰ্বতাৰোহী নিৰ্মল পূৰ্জাৰ (নিমছ বা নিমছদাই নামেৰে পৰিচিত) বিশ্বৰ ৮০০০ মিটাৰ দৈৰ্ঘ্যৰ ১৪টা শৃংগত ছমাহ ছয় দিনৰ ভিতৰত আৰোহণ কৰাৰ আধাৰত নিৰ্মিত এই চিনেমাখন।
৯ ছেপ্টেম্বৰত আমি মানালীৰ Mall Roadৰ কাষত বিয়াছ নদীত, নদী পাৰ হোৱাৰ বিষয়ে শিকিছিলোঁ।
১১ ছেপ্টেম্বৰ — মানালীৰ পৰা সোলাং উপত্যকালৈ
সোলাং উপত্যকা পাবলৈ আমি প্ৰায় ২৫ কিলোগ্ৰামৰ বেগ এটা পিঠিত লৈ ১৪ কিলোমিটাৰ খোজ কাঢ়িছিলোঁ। আমাৰ ইনষ্টিটিউটৰ Skiing Centerটো আছিল সোলাং উপত্যকাত, য’ত আমি আছিলোঁ পাহাৰত থকা আমাৰ বেছ কেম্পলৈ ট্ৰেকিং কৰাৰ আগতে উচ্চতাৰ সৈতে অভ্যস্ত হবলৈ।
১২ ছেপ্টেম্বৰ — পাটালছু ট্ৰেক
সোলাং উপত্যকাৰ পৰা আমি আমাৰ ‘অভ্যস্ততা প্ৰক্ৰিয়া’ৰ (acclimatization process) অংশ হিচাপে ‘পাটালছু ট্ৰেক’লৈ ট্ৰেকিংলৈ গৈছিলোঁ। কান্ধত ৰকচেক নাছিল যদিও ট্ৰেকটো প্ৰত্যাহ্বানমূলক আছিল।
ট্ৰেকিঙৰ সময়ত আমি দেখিলোঁ ধুনীয়া সোলাং উপত্যকা আৰু পাটালছু। আমি সেই অঞ্চলত পোৱা উদ্ভিদ আৰু প্ৰাণীৰ বিষয়ে জানিব পাৰিছিলোঁ, আৰু পাটালছু শৃংগৰ আশে-পাশে থকা পাহাৰৰ বিষয়েও জানিব পাৰিছিলোঁ।
১৩ ছেপ্টেম্বৰ— সোলাং উপত্যকাৰ পৰা বাকাৰথাচ, ABVIMAS Base Camp
আকৌ এবাৰ সেই ২৫ কেজিৰ ৰকচেকটো লৈ আমি ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিছিলোঁ। অৱশেষত আমি বৰফ আৰু তুষাৰৰ শিল্প (ice and snow crafts) শিকিবলৈ ওলাইছিলোঁ আৰু উচ্চতা বৃদ্ধিৰ ট্ৰেকতো গৈছিলোঁ।
বহু সময় পদযাত্রা (trekking) কৰাৰ পিছত অৱশেষত দুপৰীয়া বেছ কেম্প পাইছিলোঁ, আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত আমি অলপ আৰাম অনুভৱ কৰিছিলোঁ।
সন্ধিয়া আমি বাকাৰথাচ আৰু ইয়াৰ চাৰিওফালৰ পাহাৰৰ বিষয়ে জানিব পাৰিছিলোঁ। আমাৰ বেচ কেম্পৰ পৰা দেখা দৃশ্যবোৰ আছিল দৰ্শনীয়, আমি বহুত ধুনীয়া ধুনীয়া শৃংগ দেখিব পাৰিছিলোঁ, যেনে 7 Sister Peaks, Friendship Peak, আৰু Hanuman Tibba Peak চাবলৈ সক্ষম হৈছিলো। আমাৰ প্ৰশিক্ষকে আমাক শৃংগ আৰু ইয়াৰ উচ্চতাৰ বিষয়ে কৈছিল, লগতে পাহাৰত থকাৰ সময়ত আমি মানি চলিবলগীয়া কিছুমান গুৰুত্বপূর্ণ অনুশাসনৰ আৰু নিয়মৰ কথাও কৈছিল।
ৰাতিৰ আহাৰ খোৱাৰ পিছত আমি আমাৰ তম্বুলৈ গৈছিলোঁ৷ এটা তম্বুত আমি পাঁচজন আছিলো, আৰু সকলোৱেই ইনষ্টিটিউটটোৰ মোৰ ৰুমমেটও আছিল। পাঠ্যক্ৰমৰ সময়ছোৱাত আমি বহুত আনন্দ কৰিছিলোঁ।
আমি দুঘণ্টা ট্ৰেকিং কৰি ৰকচেকত ক্লাইম্বিং গিয়াৰ লৈ অনুশীলন ক্ষেত্ৰখন পাইছিলোঁ, পিছৰ ছয় দিন বৰফ আৰু তুষাৰৰ শিল্পৰ অনুশীলন কৰিবলৈ।
আমি ১০ দিন বিদ্যুৎ, ইণ্টাৰনেট, নেটৱৰ্ক নোহোৱাকৈ আছিলোঁ। সেই দিনবোৰত আমি গা -ও ধোৱা নাছিলোঁ। হিমবাহৰ বৰফৰ দৰে ঠাণ্ডা পানীত জানো গা ধুব পাৰি? আনকি আমাৰ বাচন-বৰ্তন ধোৱাটোও প্ৰত্যাহ্বানজনক আছিল; মোৰ হাতৰ তলুৱা আৰু আঙুলিবোৰ লগে লগে ৰঙা হৈ পৰিছিল।
আমি আমাৰ বন্ধু-বান্ধৱী, পৰিয়াল আৰু কৰ্মস্থলীৰ পৰা সম্পূৰ্ণ আঁতৰত আছিলো। পৃথিৱীৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ আমি কেৱল পৰ্বতাৰোহণ, বৰফ আৰু তুষাৰৰ শিল্প শিকিবলৈহে গুৰুত্ব দিছিলোঁ। মোৰ বাবে ই এক ধ্যান আৰু অপাৰ্থিৱ জগতখনৰ পৰা ওলাই অহাৰ পথ আছিল।
২২ ছেপ্টেম্বৰ — উচ্চতা বৃদ্ধি প্ৰক্ৰিয়া
আমাৰ পিঠিৰ বেগত কেৱল শুকান ফল লৈ, আমি ১৫,৭০০ ফুট উচ্চতাত থকা Shiti Dhar Camp লৈ আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। তিনিজনৰ বাহিৰে আমাৰ দলৰ সকলোৱে উচ্চতা বৃদ্ধি (Height Gain) প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিলে। যদিও ই মোৰ বাবে আটাইতকৈ কঠিন যাত্ৰা আছিল, মই আপোন গতিৰে ট্ৰেকটো সম্পূৰ্ণ কৰিছিলোঁ।
২৩ ছেপ্টেম্বৰ — বাকাৰথাচৰ পৰা সোলাং উপত্যকালৈ
আমাৰ বৰফ আৰু তুষাৰৰ শিল্প আৰু উচ্চতা বৃদ্ধি ভালদৰেই গৈছিল, আৰু আমি সোলাং উপত্যকালৈ নামিলোঁ৷
ছাৰ্ভাইভেল নাইটটো আছিল পাঠ্যক্ৰমৰ আন এক গুৰুত্বপূৰ্ণ অংশ। পাহাৰত অভিযান চলাবলৈ যাওঁতে হয়তো কেতিয়াবা আমাক খাদ্য আৰু আশ্ৰয় অবিহনে জীয়াই থাকিব লাগিব, গতিকে পাহাৰৰ প্ৰতিকূল পৰিৱেশত এৰাতি কেনেকৈ জীয়াই থাকিব পাৰি সেই বিষয়ে শিকিব পৰাটো গুৰুত্বপূৰ্ণ আছিল।
সন্ধিয়া আমাৰ প্ৰশিক্ষকসকলে আমাক স্লিপিং বেগ, টৰ্চ লাইট, ৰছী আৰু গৰম কাপোৰ লৈ আহিবলৈ কৈছিল। আমাক ছটা দলত ভাগ কৰা হৈছিল, প্ৰত্যেক দলকে বাহিৰত তম্বু তৈয়াৰ কৰিবলৈ এটাকৈ তম্বুৰ আৱৰণ দিয়া হৈছিল আৰু আমাৰ প্ৰশিক্ষকসকলে আমাক ৰাতিৰ আহাৰ নোখোৱাকৈয়ে গোটেই ৰাতি পাইন গছৰ হাবিত থাকিবলৈ কৈছিল।
আমি ১২ জনীয়া এটা দল আছিলো। এতিয়া আমাৰ দলৰ বৈচিত্ৰ্যতাৰ বিষয়ে মই অলপ লিখিব বিচাৰোঁ।
আমাৰ দলৰ একমাত্ৰ অসমীয়া মইয়েই আছিলোঁ। এজন আছিল দিল্লীৰ নেচনেল কেডেট কৰ্পছৰ সদস্য তৰুণ, আন এজন গুজৰাটৰ আকাংক্ষিত পৰ্বতাৰোহী অমৰ, আৰু তৃতীয়জন আছিল হিমাচল প্ৰদেশৰ ট্ৰেকিং গাইড ৰহিছ।
আমি একেটা কোঠালিত থকা বাবেই মোৰ সিহঁতৰ নাম মনত আছে।
আমাৰ দলত কৰ্ণাটকৰ পৰা দুজন, কেৰালাৰ পৰা দুজন, ছত্তীসগঢ়ৰ পৰা তিনি জন (ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক বিজয়ী), আৰু এজন জ্যেষ্ঠ সদস্য হায়দৰাবাদৰ নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিৰ যুটীয়া সঞ্চালক অবিনাশ ৰাইপল্লীও আছিল।
আমি সকলোৱে পাইন হাবিলৈ গৈছিলোঁ, তাত তম্বুটো স্থাপন কৰিবলৈ নিখুঁত ঠাই বিচাৰি পোৱাত, আমাৰ ৰছী আৰু তম্বুৰ আৱৰণখনেৰে তম্বুটো ভালকৈ তৈয়াৰ কৰিছিলোঁ।
অৰণ্যত আমাৰ ৰাতিটো ভালে ভালেই পাৰ হৈ গ’ল, আৰু আমি ৰাতিপুৱালৈকে জীয়াই থাকিবলৈ সক্ষম হ’লো৷ যাৰ বাবেই আপোনালোকে ব্লগটো পঢ়িবলৈ পাইছে। হাহা!
২৪ ছেপ্টেম্বৰ – সোলাং উপত্যকাৰ পৰা মানালীলৈ
সোলাং উপত্যকাত সফলতাৰে এক ৰাতি কটোৱাৰ পিছত আমি অৱশেষত মানালিস্থিত আমাৰ প্ৰতিষ্ঠানলৈ পদযাত্রা কৰিছিলোঁ। পাহাৰত বহু দিন স্লিপিং বেগত শুই থকা পিছত বিচনাত শুই বৰ ভাল লাগিছিল। অৱশেষত আমি গৰম পানীৰে গা ধুবলৈ সক্ষম হৈছিলোঁ। হাহা!
২৫ ছেপ্টেম্বৰ — লিখিত পৰীক্ষা
প্ৰতিষ্ঠানত আমাৰ লিখিত পৰীক্ষাৰ সময়ত সকলো প্ৰশ্ন আমি আগতে পৰ্বতাৰোহণৰ তত্ত্বৰ বক্তৃতাৰ পৰা যি শিকিছিলোঁ তাৰ ওপৰত ভিত্তি কৰিয়েই কৰা হৈছিল।
পৰীক্ষাৰ পাছত সকলো মুক্ত আছিলো। আমাৰ পাঠ্যক্ৰমত প্ৰথমবাৰৰ বাবে আমি কিছু সময়ৰ বাবে ফুৰাৰ সময় পাইছিলোঁ। কিছুমানে Mall Road লৈ গৈছিল, আনহাতে মই বেডমিণ্টন ক’ৰ্টত বহি ভাৱি আছিলোঁ যে কালি মৰমৰ ইনষ্টিটিউটটো এৰি গুচি যাব লাগিব।
২৬ ছেপ্টেম্বৰ — বিদায়ী অনুষ্ঠানৰ দিন
দিনটো আমাৰ সকলোৰে বাবে স্মৰণীয় আছিল, কিন্তু মোৰ বাবে ই আৰু বিশেষ আছিল।
আচলতে, কিছুদিন আগতে অখিল ছাৰে মোক মোৰ Basic Mountaineering Course অভিজ্ঞতাক লৈ এখন চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ কৈছিল, পাঠ্যক্ৰমৰ সময়ত মই লোৱা সকলো ফুটেজ ব্যৱহাৰ কৰি, যিখন অনুষ্ঠানত ডাঙৰ পৰ্দাত দেখুওৱা হ’ব।
পাঠ্যক্ৰমৰ কটকটীয়া সময়সূচীৰ বাবে তিনি ঘণ্টীয়া ভিডিঅ’ৰ পৰা শ্ৰেষ্ঠ ফুটেজ নিৰ্বাচন কৰি এখন ভাল চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰা কামটো মোৰ বাবে অত্যন্ত কঠিন হৈ পৰিছিল। কিন্তু দুদিনৰ ভিতৰতে তথ্যচিত্ৰখন সম্পাদনা কৰি অখিল ছাৰক দেখুৱাইছিলোঁ, আৰু তেওঁ তৎক্ষণাৎ অনুমোদন কৰিছিল।
অৱশেষত অনুষ্ঠানৰ দিনটোত প্ৰায় ২০০ জন লোকে প্ৰেক্ষাগৃহৰ ডাঙৰ পৰ্দাত মোৰ তথ্যচিত্ৰখন চাইছিল। ই মোৰ বাবে এক সপোন সত্য হোৱাৰ ক্ষণ আছিল, মই সদায়েই মোৰ কাম ডাঙৰ পৰ্দাত চাবলৈ সপোন দেখিছিলোঁ। মানুহে মোৰ কামক শলাগি হাতচাপৰিৰে অভিবাদন জনোৱাত এক বিশেষ আনন্দ অনুভৱ কৰিছিলোঁ।
পিছত আমি প্ৰতিষ্ঠানৰ সঞ্চালক আৰু যুটীয়া সঞ্চালকৰ পৰা ‘বেজ’ লাভ কৰিছিলোঁ। তাৰ পিছত আমি সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিলোঁ য’ত বিভিন্ন সংস্কৃতি আৰু ভিন্ন ৰাজ্যৰ আমাৰ সহপাঠীসকলে নিজৰ নিজৰ নৃত্য প্ৰদৰ্শন কৰিছিল৷
অনুষ্ঠানৰ পিছত, কিছুমান প্ৰশিক্ষকে তেওঁলোকৰ মতামত দিয়াৰ লগতে মোৰ চুটি তথ্যচিত্ৰখনৰ প্ৰশংসা কৰিছিল। তেওঁলোকে মোক তথ্যচিত্ৰখন তেওঁলোকৰ মোবাইলত চাবলৈ পঠিয়াব পাৰিম নেকি বুলি সুধিছিল। তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু কৃতজ্ঞতাই মোক অভিভূত কৰিছিল।
সামৰণি – প্ৰাথমিক পৰ্বতাৰোহণ পাঠ্যক্ৰমত মোৰ ৰোমাঞ্চকৰ অভিজ্ঞতা: পৰ্বতাৰোহণ আৰু আত্মানুসন্ধান
এইয়াই আছিল মোৰ প্ৰাথমিক পৰ্বতাৰোহণ পাঠ্যক্ৰমত, অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং এণ্ড এলাইড স্পৰ্টছত মোৰ অভিজ্ঞতা আৰু যাত্ৰা।
৭ বছৰৰ পিছত পুনৰ হোষ্টেল জীৱনৰ অভিজ্ঞতা লাভ কৰাৰ সৌভাগ্য হৈছিল আৰু সমগ্ৰ ভাৰতৰ পৰা অহা অসাধাৰণ মানুহ আৰু অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং এণ্ড এলাইড স্প’ৰ্টছৰ শ্ৰেষ্ঠ প্ৰশিক্ষকসকলক লগ পাইছিলোঁ।
২৬ দিনৰ ভিতৰতে মই এজন পৰ্বতাৰোহীলৈ ৰূপান্তৰিত হৈছো, এজন সৈনিকৰ অনুশাসনক আকোঁৱালি লৈছো, প্ৰকৃতিৰ প্ৰতি গভীৰ প্ৰেম গঢ়ি তুলিলোঁ, শাৰীৰিক সক্ষমতাক অগ্ৰাধিকাৰ দিলোঁ আৰু মোৰ আত্ম-অনুশাসনক নিখুঁত কৰিলোঁ।
ভাৰতৰ হিমাচল প্ৰদেশৰ মানালীৰ অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং এণ্ড এলাইড স্প’ৰ্টছৰ প্ৰাথমিক পৰ্বতাৰোহণ পাঠ্যক্ৰমৰ ৩৬৫ নং বেচৰ অংশ হোৱাটো এক আনন্দদায়ক আৰু ৰোমাঞ্চকৰ অভিজ্ঞতা আছিল।
২৯ ছেপ্টেম্বৰলৈকে মই মানালীৰ Jungle by Sturmfrei হোষ্টেলত থাকিলোঁ। ডিজিটেল নোমাড হিচাপে পূৰ্বৰ মানালি ভ্ৰমণৰ সময়ত মই একেটা হোষ্টেলতে আছিলোঁ।
মানালীৰ পৰা দিল্লীলৈ মোৰ বাছ যাত্ৰা ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল, আৰু ৩০ ছেপ্টেম্বৰত দিল্লী পালোঁ। দিল্লীত শ্বাহৰুখ খানৰ “জৱান” ছবিখন চাই সেই নিশা হোটেল এখনত থাকিলোঁ, কিয়নো গুৱাহাটীলৈ যোৱা মোৰ বিমানখন পিছদিনাহে আছিল।
P.S. মই এ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছো আৰু এতিয়া মই ২০২৪ চনত Advance Mountaineering Courseত আবেদন কৰাৰ পৰিকল্পনা কৰিছোঁ।
এই ব্লগটো পঢ়াৰ বাবে ধন্যবাদ। 💚
This article was originally written by Inu Etc on Inuidea.com and translated into Assamese by Ocibul Oc.
If you have any questions or doubts about the Basic Mountaineering Course, mountaineering course fees, and anything related to mountaineering, trekking, and travel, please feel free to send me a direct message on Instagram @InuEtc
If you loved what you read, would you be able to buy me a cup of coffee? It’s okay if you can’t right now.
If you have any questions or if you wanna work with me, feel free to contact me. I’m always available to help young hustlers like you @InuEtc on Instagram.
Keep traveling!
Comments
Post a Comment