আজিও স্পষ্ট তোমাৰ স্মৃতি। An assamese sad romantic poem by Inu Etc (ইনু)

সৌৱা, লাহে লাহে ধূসৰ হৈ আহিছে তোমাৰ আচলৰ ৰং। অস্পষ্ট তোমাৰ বিপৰীতে স্পষ্ট তোমাৰ স্মৃতি। তোমাক পাই হেৰুৱাৰ যন্ত্ৰনা, পাহৰাৰ বৃথা চেষ্টা। কন্দুৱায় উজাগৰি নিশা।। তোমাৰ স্নিগ্ধ সুবাসৰ দৰে ক'ত চিগাৰেটৰ ধূৱা ধূসৰ হৈ গ'ল। যদিও, আজিও স্পষ্ট তোমাৰ স্মৃতি। যিয়ে হহুৱায় – কন্দুৱায়। সৌৱা, সৌ দূৰত ক্ৰমশ: ধূসৰ হৈ গ'ল তোমাৰ আচলৰ ৰং। © ইনু । Like this post? Don’t forget to share it with your friends!