নকলেও সাক্ষী হৈ ৰব এই বকুল জোপা। An Assamese romantic poem by Inu Etc

*নকলেও সাক্ষী হৈ ৰব
এই বকুল জোপা।*

বকুল জোপা থিয় হৈ আছে
এটা  ব্যৰ্থ প্ৰেমৰ সাক্ষী হৈ।

তুমি আৰু মই
কেতিয়াবা
ভৰ দুপৰিয়া,
কেতিয়াবা শীতৰ সন্ধিয়া
আৰু এন্ধাৰ নিশা,
আহিছিলো বকুল জোপালৈ।

কব' নেলাগে ;
এই ব্যৰ্থ প্ৰেমৰ কাহিনী।

নকলেও সাক্ষী হৈ ৰব
এই বকুল জোপা ;
অনির্দিষ্ট কাললৈ
এটা ব্যৰ্থ প্রেমৰ সাক্ষী হৈ।

Comments

Popular posts from this blog

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)

গুচি যা চকুলো। An Assamese sad poem by Inu Etc