Skip to main content

এটা কবিতা আৰু অলপ লেখা। An Assamese Article about Dzukou Valley by Inu Etc

এটা কবিতা আৰু অলপ লেখা।

_________________
শান্তিৰ উপত্যকা
জুক' উপত্যকা।
_________________
 ইনু  [ InuThinking.blogspot.com ]
_________________
অশান্ত অঞ্চলৰ মাজতো
এখনি শান্তিৰ উপত্যকা।
চৌদিশে তেজ আৰু চকুলোৰ গোন্ধ,
তাৰ মাজতো পোৱা যায় ফুলৰ সুগন্ধ।
বৈ যায় স্ফটিক যেন নিৰ্মল
বৰফ শীতল পানীৰ খৰস্ৰোতা নিজৰা।
শান্তিৰ উপত্যকা - জুক' উপত্যকা।
বিস্তিৰ্ণ সেউজীয়া ঘাঁহনিত
আশাৰ লিলি ফুলে।
স্নিগ্ধ বতাহ বলে।
নিশা আকাশৰ জিলমিল জোনাকে সংগ দিয়ে।
অশান্ত মনো শান্ত হয়।
হৃদয়তো আশাৰ লিলি ফুলে।।
_________________
Wild Trail নামৰ Wildlife Photography ৰ আলোচনী এখনত প্ৰথমে জুক' উপত্যকা ( Dzukou Valley) ৰ বিষয়ে পঢ়িছিলোঁ।

ফটোগ্ৰাফী বোৰ চায়েই জুক' ভেলীৰ প্ৰেমত পঢ়িছিলো। তেতিয়াৰ পৰাই জুক' ভেলীৰ বিষয়ে কিবা নহয় কিবা এটা লিখিব বিচাৰিছিলোঁ। আৰু সেইবাবেই আজি আবেলি পৰীক্ষা (Half yearly exam; Hindi) দি আহি লিখিবলৈ বহিলো।

          মনিপুৰ আৰু নাগালেণ্ডৰ সীমাৰ মাজত জুক' উপত্যকা অৱস্থিত।ইয়াত এবিধ লিলি ফুলে যি লিলি পৃথিৱীৰ অন্য কোনো ঠাইতে নুফুলে। সেয়ে লিলিবিধৰ নাম জুক' লিলি।
_________________
 "When lovers go to the valley,
the night also turns
like day and moonlight also
shines as of the Sun."
        - Local Mao (Naga Tribe) Legend.
 ________________

এই ফুলৰ উপত্যকা সাগৰ পৃষ্ঠৰ পৰা ২৪৫০ মিটাৰ ওপৰত অৱস্থিত। এই ফুলৰ উপত্যকালৈ যোৱাৰ সঠিক সময় হৈছে - জুন মাহৰ পৰা ছেপ্তেম্বৰ মাহ। কাৰণ এই চাৰিটা মাহ ইয়াত বৰষুণ নিদিয়ে আৰু লিলিবোৰো বিস্তিৰ্ণ অঞ্চল জুৰি ফুলি থাকে।

মাও ( Naga Tribe) সকলৰ ভাষাত  জুক' (Dzukou) মানে - সপোনৰ ভূমি ( The land of Dreams.)

মোৰ কবিতাটো পঢ়ি জুক' ভেলীৰ সৌন্দৰ্য্যৰ বিষয়ে হয়তো অলপ হলেও আভাস পাইছে। সেয়ে ইয়াৰ সৌন্দৰ্য্যৰ বৰ্ণনা কৰিবলৈ গৈ আৰু শব্দৰ অপচয় নকৰো।

যদি ভ্ৰমণ আপোনাৰ অভিৰুচি , যদি নতুন ঠাই চোৱাৰ হেপাহঁ আপোনাৰ আছে তেনেহলে সময় পালে এবাৰ যাবচোন- আশাৰ লিলি ফুলা সপোনৰ দেশ- জুক' উপত্যকালৈ।
মই কিন্তু যোৱা নাই- যাম।সময়- সুবিধা পালে যাম।
 বেছি দূৰ নহয় – নাগালেণ্ড।।
________________
_________________
Some Important Links

Comments

Post a Comment

Popular posts from this blog

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

অন্তহীন অপেক্ষা তোমাৰ বাবে থাকিব খোলা মোৰ হৃদয়ৰ খিৰিকি, অসীম অনন্ত কাললৈ বাট চাম তুমি আহিবা বুলি।। ৰৈ আছিলো মই সীমাহীন আশাৰে তোমালৈ........।। অন্তহীন অপেক্ষা ৰে জন্মৰ পৰা জন্মান্তৰলৈ।। তথাপিও নাহিলা তুমি মোৰ উমাল বুকুলৈ হেজাৰ আশাৰে আছিলো ৰৈ; তোমাৰ বাবে নিৰবে কান্দিছো মূল্যহীন চকুলোৰে।।।

কল্পনা। An Assamese Romantic,Thriller Story by Inu Etc

              চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ। এই অন্ধকাৰ ফালি দুডাল সৰলৰেখাৰ ওপৰেৰে আগুৱাই গৈছে নিশাৰ 'ট্ৰেইন'খন। ঘৰত মোৰ বিয়াৰ কথা বাৰ্তা চলি আছে। সেয়ে ঘৰ মানে গুৱাহাটীলৈ গৈ আছোঁ। কলকাতাৰ পৰা ট্ৰেইনত উঠিছো। মোৰ কোঠাটোত থকা মানুহকেইজনৰ লগত আড্ডা মাৰি ভালদৰেই সময়বোৰ পাৰ কৰিলো। কিন্তু সকলোবোৰ এটা এটাকৈ নামি যোৱাত মই বৰ অকলশৰীয়া হৈ পৰিলো। নিশাৰ অন্ধকাৰে মোক গ্ৰাহ কৰি পেলালে।                  মই নামিম একেবাৰে শেষ ষ্টেশনত।সেয়ে ভাৱিলো এঘুমটি মাৰি লওঁ। কিয়নো শেষ ৰাতিহে মই মোৰ গন্তব্য স্থান পাম। নিদ্ৰাদেৱীৰ কোলাত অলপ সময় শুইছিলোহে, হঠাৎ জোৰকৈ দিয়া জোকাৰণি এটাৰে ট্ৰেইনখন ৰৈ গ'ল। কিবা এটা বুজি পোৱাৰ আগতেই দেখা পালোঁ এজনী ছোৱালী ট্ৰেইনখনলৈ উঠি আহিল। এন্ধাৰ বাবে ছোৱালীজনীক ভালকৈ দেখা নাপালো। ট্ৰেইনখন আকৌ চলিবলৈ ধৰিলে। মই আকৌ ভয়েই খাইছিলো। ডকাইতৰ দলেই ট্ৰেইনখন ৰখালে কিজানি! এই ঠাইখনত প্ৰায়ে বোলে ডকাইতে ট্ৰেইন ৰখাই ট্ৰেইনৰ মানুহক হাৰাশাস্তি কৰে।              যিয়েই নহওক ট্ৰেইন খন আকৌ চলিব ধৰাত ময়ো যেন বাচি গলো ভাৱেৰে স্বস্তিৰ নিশাহ এটা এৰি দিলো। এইবোৰ ভাৱি থাকোতেই কাষতে বহা ছোৱাল

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো) ____________________ © Inu Etc ____________________ এখন ভাল কিতাপ জ্ঞানৰ ভৰাঁল স্বৰূপ।সভ্য সমাজত কিতাপৰ প্ৰয়োজনীয়তা অপাৰ, ইয়াক কোনেও নুই কৰিব নোৱাৰে। সেয়েহে এগৰাকী বিখ্যাত সংস্কৃত কবিয়ে কৈছিল,—"সাহিত্য,সংগীত আৰু কলাত অনুৰাগ নথকা লোক নেজ আৰু শিং নথকা পশুৰ দৰে।"গতিকে কিতাপ পঢ়াটো এটা বৰ ভাল অভ্যাস আৰু মানসিক সন্তুষ্টিৰ বাবে নতুবা নিজৰ জ্ঞানৰ ভৰাঁল চহকী কৰিবলৈ আমি কিতাপ পঢ়িব লাগে। সৰুৰে পৰাই মোৰ কিতাপ পঢ়াৰ বৰ হেপাঁহ। বৰ্ণমালা শিকাৰ আগতেই প্ৰায় প্ৰত্যেক দিনাই দেউতাই বজাৰৰ পৰা ঘৰলৈ আহোতে বাতৰি কাকত এখন লৈ আহিছিল। ময়ো অধীৰ আগ্ৰহেৰে দেউতালৈ বাট চাই থাকিছিলোঁ। কাৰণ মই জানো, দেউতাই মোলৈ এখন বাতৰিকাকত আনিবই আনিব। য'ত থাকিব–মই চিনি নোপোৱা হেজাৰ আখৰ,হেজাৰ শব্দ। একো বুজা নাছিলো। মাথো ৰঙীন আৰু বগা-কলা আলোকচিত্ৰবোৰ চায়েই মই সন্তুষ্টি লাভ কৰিছিলো। লাহে লাহে ডাঙৰ হলো। বাতৰিকাকতৰ পৰাই আখৰবোৰ চিনি পোৱা হলো। বাক্যবোৰ মন্ত্ৰৰ দৰে পঢ়িব পৰা হলো।প্ৰিন্ট কৰা কাগজ এখন দেখিলেই দৌৰি গৈ বুটলিলৈ পঢ়িছিলো-এতিয়াও পঢ়ো।ক্ৰমশ: মোৰ কিতাপ পঢ়াৰ হাবিয়