এটা কবিতা আৰু অলপ লেখা। _________________ শান্তিৰ উপত্যকা জুক' উপত্যকা। _________________ ইনু [ InuThinking.blogspot.com ] _________________ অশান্ত অঞ্চলৰ মাজতো এখনি শান্তিৰ উপত্যকা। চৌদিশে তেজ আৰু চকুলোৰ গোন্ধ, তাৰ মাজতো পোৱা যায় ফুলৰ সুগন্ধ। বৈ যায় স্ফটিক যেন নিৰ্মল বৰফ শীতল পানীৰ খৰস্ৰোতা নিজৰা। শান্তিৰ উপত্যকা - জুক' উপত্যকা। বিস্তিৰ্ণ সেউজীয়া ঘাঁহনিত আশাৰ লিলি ফুলে। স্নিগ্ধ বতাহ বলে। নিশা আকাশৰ জিলমিল জোনাকে সংগ দিয়ে। অশান্ত মনো শান্ত হয়। হৃদয়তো আশাৰ লিলি ফুলে।। _________________ Wild Trail নামৰ Wildlife Photography ৰ আলোচনী এখনত প্ৰথমে জুক' উপত্যকা ( Dzukou Valley) ৰ বিষয়ে পঢ়িছিলোঁ। ফটোগ্ৰাফী বোৰ চায়েই জুক' ভেলীৰ প্ৰেমত পঢ়িছিলো। তেতিয়াৰ পৰাই জুক' ভেলীৰ বিষয়ে কিবা নহয় কিবা এটা লিখিব বিচাৰিছিলোঁ। আৰু সেইবাবেই আজি আবেলি পৰীক্ষা (Half yearly exam; Hindi) দি আহি লিখিবলৈ বহিলো। মনিপুৰ আৰু নাগালেণ্ডৰ সীমাৰ মাজত জুক' উপত্যকা অৱস্থিত।ইয়াত এবিধ লিলি ফুলে যি লিলি পৃথিৱীৰ অন্য কোনো ঠাইতে নুফুলে। সেয়ে লিলিবিধৰ নাম জুক' ...