Skip to main content

কল্পনা। An Assamese Romantic,Thriller Story by Inu Etc


              চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ। এই অন্ধকাৰ ফালি দুডাল সৰলৰেখাৰ ওপৰেৰে আগুৱাই গৈছে নিশাৰ 'ট্ৰেইন'খন। ঘৰত মোৰ বিয়াৰ কথা বাৰ্তা চলি আছে। সেয়ে ঘৰ মানে গুৱাহাটীলৈ গৈ আছোঁ। কলকাতাৰ পৰা ট্ৰেইনত উঠিছো। মোৰ কোঠাটোত থকা মানুহকেইজনৰ লগত আড্ডা মাৰি ভালদৰেই সময়বোৰ পাৰ কৰিলো। কিন্তু সকলোবোৰ এটা এটাকৈ নামি যোৱাত মই বৰ অকলশৰীয়া হৈ পৰিলো। নিশাৰ অন্ধকাৰে মোক গ্ৰাহ কৰি পেলালে।

                 মই নামিম একেবাৰে শেষ ষ্টেশনত।সেয়ে ভাৱিলো এঘুমটি মাৰি লওঁ। কিয়নো শেষ ৰাতিহে মই মোৰ গন্তব্য স্থান পাম। নিদ্ৰাদেৱীৰ কোলাত অলপ সময় শুইছিলোহে, হঠাৎ জোৰকৈ দিয়া জোকাৰণি এটাৰে ট্ৰেইনখন ৰৈ গ'ল। কিবা এটা বুজি পোৱাৰ আগতেই দেখা পালোঁ এজনী ছোৱালী ট্ৰেইনখনলৈ উঠি আহিল। এন্ধাৰ বাবে ছোৱালীজনীক ভালকৈ দেখা নাপালো। ট্ৰেইনখন আকৌ চলিবলৈ ধৰিলে। মই আকৌ ভয়েই খাইছিলো। ডকাইতৰ দলেই ট্ৰেইনখন ৰখালে কিজানি! এই ঠাইখনত প্ৰায়ে বোলে ডকাইতে ট্ৰেইন ৰখাই ট্ৰেইনৰ মানুহক হাৰাশাস্তি কৰে।

             যিয়েই নহওক ট্ৰেইন খন আকৌ চলিব ধৰাত ময়ো যেন বাচি গলো ভাৱেৰে স্বস্তিৰ নিশাহ এটা এৰি দিলো। এইবোৰ ভাৱি থাকোতেই কাষতে বহা ছোৱালীজনীৰ ফালে এবাৰো চোৱাৰ সুযোগ পোৱা নাই। সুযোগ পালেও বাৰু চাম কেনেকৈ - চাৰিওফালে ভীষণ অন্ধকাৰ। হঠাৎ মোৰ জন্মগত
সম্পদ লাজটো লাগিল। লাজ পোৱাৰ কাৰণটো হ'ল- এজনী ছোৱালীৰ সৈতে মই এটা কোঠালীত অকলশৰে আছোঁ। তাকো আকৌ এন্ধাৰৰ মাজত।
যিয়েই নহওক, নিজকে অলপ সহজ কৰিবলৈ পকেটৰ পৰা মবাইলটো উলিয়াই উদ্দেশ্য বিহীন ভাৱে মবাইলৰ  স্ক্রিনত আঙুলিবোৰ উঠা নমা কৰি থাকিলোঁ। হতভাগা যলৈ যায় তাত নদীৰ পানীও শুকাই যায়। অকস্মাত বেটাৰী ল' বুলি দেখুৱাই মবাইলটো বন্ধ হৈ থাকিল। ভাৱিলো চাৰ্জ শেষ হৈ গ'ল। কিন্তু আহোতে দেখোন ফুল চাৰ্জ কৰি লৈ আহিছিলোঁ। অলপ সময় ভোৰভোৰাই আকৌ মবাইলটো পকেটত থৈ দিলো। কোঠাটোলৈ আকৌ অন্ধকাৰ নামি আহিল।

              ছোৱালীজনীয়েই প্ৰথমতে নিৰৱতা ভাঙিলে।
: মই বৃষ্টি ।  — তাই ক'লে। বৰ মিঠা তাইৰ কণ্ঠ।
মই ক'ব খুজিছিলো যে মই নিয়ৰ। কিন্তু আচৰিত হৈ লক্ষ্য কৰিলো যে মোৰ কণ্ঠটো ডিঙিত লাগি আছে আৰু মই ঘামি গৈছো। ক'বলৈ বহুত চেষ্টা কৰিলোঁ যদিও ক'ব নোৱাৰিলোঁ। বুজিলো লাজ আৰু ভয়ৰ বাবেই হয়তো এনে হৈছে। তথাপি মই নিজকে সহজ কৰিবলৈ যেন একো হোৱা নাই এনে এটা ভাৱেৰে অলপ হাঁহিলো। তাই মোৰ অৱস্থা বুজিলে নে নুবুজিলে নেজানো। কিন্তু তাই বেগৰ পৰা মম এডাল উলিয়াই জ্বলালে। মই আচৰিত হৈ লক্ষ্য কৰিলো — ডবাটোত বতাহ থকা স্বত্তেও সেই বতাহে মমডালৰ জ্বলোতে কোনো অসুবিধাৰ সৃষ্টি কৰা নাই।
                 এইবাৰ ছোৱালীজনীৰ ফালে চকু দিলো। সিমান বগা নহয় যদিও বৃত্তাকাৰ মুখমণ্ডল,জোঙা নাক……আৰু বৰ্ণনা দিব নোৱাৰিম। এক কথাত ক'বলৈ গ'লে মায়াৰ দেৱী। চালেই মনটো ভাল লাগি যায়। লাহে লাহে দুই এটা কথা কওতে কওতে পৰিস্থিতিটো সহজ হৈ আহিল।দুয়োজনেই হাঁহি - তামচা কৰি সময়বোৰ অতিবাহিত কৰিব ধৰিলো। লক্ষ্য কৰিলো। তাইৰ শৰীৰৰ পৰা অদ্ভুদ ধৰণৰ এটা নিচা ল'গা সুগন্ধি ওলায়ছে। বৰ নিচা লগা সুগন্ধি।

               তাইৰ কথা ভাৱি ভাৱি কেতিয়াযে শুই পৰিছিলোঁ - ক'ব নোৱাৰো। শেষ ৰাতি টোপনি ভগাত বৃষ্টিক বিচাৰিলো। নেদেখিলো তাইক। খালি কোঠাটোত তাইৰ ঠাইত পৰি আছে - তাই জ্বলোৱা মমবাতিটোৰ অৱশিষ্ট অংশ। ট্ৰেইনখনো মোৰ গন্তব্য স্থান পালেহি। তাইৰ এড্ৰেছটোও লোৱা নহ'ল। ফোন নম্বৰটোও নললো।

          টিকট নিৰিক্ষক জনক সুধিলো —
: এই ডবাটোত মোৰ কাষত যে এজনী ছোৱালী বহিছিল, তাই ক'ত গ'ল?
: তাততো কোনো নাছিল। মই কেইবাবাৰো এইফালেদি অহা যোৱা কৰোতে আপোনাক অকলশৰে কথাকৈ থকা দেখিছো। ভাৱিলো হয়তো ফোনত কথা পাতি আছে। সেয়ে একো সোধা নাছিলোঁ। — টিকট নিৰিক্ষকজনে মোৰ প্ৰশ্নত আচৰিত হৈ ক'লে।
মই নিৰ্বাক হৈ পৰিলোঁ। মই জনাত বৃষ্টি ট্ৰেইনত উঠাৰ অলপ সময় পিছৰ পৰাই মোৰ মবাইলটো বন্ধ হৈ আছে। পকেটৰ পৰা মবাইলটো উলিয়াই অন কৰিলোঁ। এয়া কি ? — এতিয়াও দেখোন আধা চাৰ্জ আছেই!

নুবুজিলো এইবোৰ কি হৈ গ'ল মোৰ লগত। মই কি সপোন দেখিছিলো নেকি? যদি সপোনেই হয় তেন্তে মমবাতিৰ অৱশিষ্ট অংশ ক'ৰ পৰা আহিল? এইবোৰ কেনেকৈ সম্ভৱ?

এইবোৰ ভাৱোতে ভাৱোতে কেতিয়াযে ঘৰ পালো গমেই নাপালো। গা-পা ধুই ভাত খাই শুই পৰিলোঁ। সপোনত বৃষ্টিক চালো। তাই হাঁহিছে আৰু তাইৰ মায়াভৰা মুখখনে মোক অপাৰ্থিৱ সুখেৰে ভৰাই তুলিছে। টোপনিৰ পৰা উঠি গোটেই দিন বৃষ্টিৰ কথা ভাৱিয়েই কটালো।হয়তো মই বৃষ্টিৰ প্ৰেমত পৰিছোঁ। কিন্তু বাস্তৱত বৃষ্টিৰ কোনো অস্তিত্ত আছে জানো?
প্ৰশ্নটো বাৰে বাৰে মোৰ মগজুত ঘূৰ-পাক খাই থাকিল।

              যি কি নহওক, ঘৰলৈ আহিছো ছোৱালী চাবলৈ। কাইলৈ বোলে ছোৱালী চাবলৈ যাব। মোৰ মনটোৱে যাব খোজা নাই। বাৰে বাৰে বৃষ্টিৰ কথা মনলৈ আহিছে।

              ঘৰৰ সকলোৱে জোৰকৈ ছোৱালী চাবলৈ লৈ গ'ল। দেউতা,মা আৰু ভন্টিৰ ভীষণ পছন্দ হৈছে। এতিয়া মাথোঁ মোৰ মতামত লাগে।

              ছোৱালী জনীৰ ফালে চোৱাৰ লগে লগেই মোৰ চকু কপালত উঠিল। এয়া! এয়া দেখোন বৃষ্টি!
মোৰ সমগ্ৰ শৰীৰেৰে এটা আনন্দৰ সোঁত বৈ গ'ল।কিন্তু ছোৱালী জনী দেখোন নিৰ্বিকাৰ ভাৱে বহিয়েই আছে। যেন আগতে মোক কেতিয়াও দেখাই নাই। মোৰ সন্দেহ হ'ল — এয়া বৃষ্টিয়েইনে?

                 ভন্টিক কৈ অকলশৰীয়াকৈ লগ ধৰি কথা কোৱাৰ ব্যৱস্থা কৰিলোঁ। তাই তাইৰ নাম বৰষা বুলি ক'লে।
তাইক সুধিলো —
: মোক আগতে কেতিয়াবা দেখিছানে?
তাই মূৰটো লৰাই দেখা নাই বুলি উত্তৰ দিলে।
: মই হয়তো তোমাক ট্ৰেইনত দেখিছোঁ। — মই প্ৰশ্নটো অলপ বেলেগকৈ সুধিলো।
: মইতো কেতিয়াও ট্ৰেইনত উঠাই নাই। — তাই ক'লে।
আৰু কিবা ক'বলৈ গৈও নকলো। অইন কিবা ভাৱিব পাৰে। মই আৰু একো নকলো।

               কোনো বস্তু এবাৰ দেখিলেহে পিছত কল্পনা কৰি বস্তুটো আকৌ চাব পাৰি। কিন্তু বৃষ্টিৰূপী বৰষাক মইতো কেতিয়াও দেখা নাছিলোঁ। তেন্তে ট্ৰেইনত মোৰ সৈতে সেইজনী কোন আহিল। নে মোৰ কল্পনা শক্তি ইমানেই প্ৰবল যে মই তাইক আগতেই কল্পনাৰ চকুৰ চালো। এইটো অলৌকিক নহয়নে? কোনো উত্তৰ মই নাজানো।

             এদিন বৰষাৰ লগত মোৰ বিয়া হৈ গ'ল। সেই মায়াভৰা মুখখনৰ গৰাকী এতিয়া মই।
এতিয়া মাজ নিশা, খিৰিকীৰে জোৰেৰে বতাহ বৈ আহিছে। বৰষা নিদ্ৰাদেৱীৰ কোলাত বৰ শান্তিৰে শুই আছে। যেন মোৰ কল্পনাৰ বৃষ্টিৰ আন এটা কপি। এয়া অলৌকিক নহয় যদি কি?
মই দীঘল হুমুনিয়াহ এটা এৰি দি শুবলৈ গ'লো — মোৰ কল্পনাৰ বৃষ্টিৰূপী বাস্তৱ বৰষাৰ কাষত।

© লেখক- ইনু

Like this story? Please leave a beautiful comment. Also share this post with your friends.

Find me on Facebook

Comments

Post a Comment

Popular posts from this blog

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

অন্তহীন অপেক্ষা তোমাৰ বাবে থাকিব খোলা মোৰ হৃদয়ৰ খিৰিকি, অসীম অনন্ত কাললৈ বাট চাম তুমি আহিবা বুলি।। ৰৈ আছিলো মই সীমাহীন আশাৰে তোমালৈ........।। অন্তহীন অপেক্ষা ৰে জন্মৰ পৰা জন্মান্তৰলৈ।। তথাপিও নাহিলা তুমি মোৰ উমাল বুকুলৈ হেজাৰ আশাৰে আছিলো ৰৈ; তোমাৰ বাবে নিৰবে কান্দিছো মূল্যহীন চকুলোৰে।।।

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো) ____________________ © Inu Etc ____________________ এখন ভাল কিতাপ জ্ঞানৰ ভৰাঁল স্বৰূপ।সভ্য সমাজত কিতাপৰ প্ৰয়োজনীয়তা অপাৰ, ইয়াক কোনেও নুই কৰিব নোৱাৰে। সেয়েহে এগৰাকী বিখ্যাত সংস্কৃত কবিয়ে কৈছিল,—"সাহিত্য,সংগীত আৰু কলাত অনুৰাগ নথকা লোক নেজ আৰু শিং নথকা পশুৰ দৰে।"গতিকে কিতাপ পঢ়াটো এটা বৰ ভাল অভ্যাস আৰু মানসিক সন্তুষ্টিৰ বাবে নতুবা নিজৰ জ্ঞানৰ ভৰাঁল চহকী কৰিবলৈ আমি কিতাপ পঢ়িব লাগে। সৰুৰে পৰাই মোৰ কিতাপ পঢ়াৰ বৰ হেপাঁহ। বৰ্ণমালা শিকাৰ আগতেই প্ৰায় প্ৰত্যেক দিনাই দেউতাই বজাৰৰ পৰা ঘৰলৈ আহোতে বাতৰি কাকত এখন লৈ আহিছিল। ময়ো অধীৰ আগ্ৰহেৰে দেউতালৈ বাট চাই থাকিছিলোঁ। কাৰণ মই জানো, দেউতাই মোলৈ এখন বাতৰিকাকত আনিবই আনিব। য'ত থাকিব–মই চিনি নোপোৱা হেজাৰ আখৰ,হেজাৰ শব্দ। একো বুজা নাছিলো। মাথো ৰঙীন আৰু বগা-কলা আলোকচিত্ৰবোৰ চায়েই মই সন্তুষ্টি লাভ কৰিছিলো। লাহে লাহে ডাঙৰ হলো। বাতৰিকাকতৰ পৰাই আখৰবোৰ চিনি পোৱা হলো। বাক্যবোৰ মন্ত্ৰৰ দৰে পঢ়িব পৰা হলো।প্ৰিন্ট কৰা কাগজ এখন দেখিলেই দৌৰি গৈ বুটলিলৈ পঢ়িছিলো-এতিয়াও পঢ়ো।ক্ৰমশ: মোৰ কিতাপ পঢ়াৰ হাবিয়