Skip to main content

Posts

Showing posts from July, 2017

অশান্তি - ২ (আকৌ অশান্তি)। An Assamese Poem by Inu Etc

 অশান্তি - ২ (আকৌ অশান্তি) © Inu Etc বিষাপ্ত পৃথিৱীখনত অক্সিজেনৰ অভাৱ বৰকৈ অনুভৱ কৰিছোঁ। মোৰ উশাহ লওতে কষ্ট হৈছে! ক্ৰমশ: মোৰ উশাহবোৰ ঘনৰ পৰা ঘনতৰ হৈছে। যদিও মোৰ হাওঁফাওঁৰ মোনাবোৰ ফুলা নাই! মই নজনাকৈয়ে,অতি সংগোপনে মোৰ হাওঁফাওঁ আৰু কলিজাত কোনোবাই যেন, ফুটা কৰি থৈ গ'ল। এতিয়া ঘড়ীৰ ছেকেণ্ডৰ কাইটডালৰ শব্দও স্কুলৰ বেলটোৰ দৰে কৰ্কষ ভাৱে, মোৰ কাণত বাজে। অসহ্য হৈ কাণদুখন দুহাতেৰে জোৰকৈ হেঁচা মাৰি ধৰোঁ। সিদিনা খঙতে ঘড়ীটো ভাঙিলোঁ। সময় বাগৰে, বুকু বিষায় উঠে, দুটোপাল চকুলো সৰে। লাহে লাহে নিৰ্বাক,নিস্পন্দ হৈ নিস্তেজ হৈ পৰোঁ। অলপ শান্তি… পিছদিনা, আকৌ অশান্তি !! Like this post? Don’t forget to share it with your friends!

এন্ধাৰ, এলান্ধু আৰু মোৰ অশান্ত মন।হৃদয়ৰ পৃষ্ঠাৰ পৰা…। An Assamese Article by Inu Etc

                        বহু দিন লিখা নাই। কি হৈছে মোৰ? কৃত্ৰিমতাৰ পৰশ পাইছো। বহুত পৰিবৰ্তন হৈছে মোৰ জীৱনৰ আৰু মোৰ। মই নজনাকৈয়ে!                      আজি প্ৰবন্ধ এটা লিখিবলৈ লওতেই প্ৰায় দহ পৃষ্ঠা শেষ হ'ল। যদিও মন পছন্দৰ এটা শব্দও লিখিব নোৱাৰিলো। অশান্ত মন লৈ জানো সৃষ্টিশীল কাম কৰিব পাৰি? নোৱাৰি।                     সৃষ্টিশীল কাম কৰিবলৈ শান্ত এটা মগজুৰ উপৰিও প্ৰয়োজন হয় - শান্ত পৰিবেশ আৰু নিৰ্জনতাৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তি নিকেতনতো শান্তি বিচাৰি প্ৰায় প্ৰতিমাহেই নিজৰ ঘৰ সলাইছিল। নতুবা নিজৰ কোঠাটোৰ 'ষ্টাইল'ৰ পৰিবৰ্তন কৰিছিল। তেও বৰ খামখেয়ালি স্বভাৰ ব্যক্তি আছিল।                         দেউতাই কয়, " পঢ়া পাতি বাদ দি এইবোৰ কি লিখি থাক? বাদ দে এইবোৰ!"                         সকলো দিশেই যন্ত্ৰণা আৰু অ...

'অশান্তি'। An Assamese poem by Inu Etc

'অশান্তি' © ইনু বিশাল অট্টালিকা,বিলাসী 'কাৰ' , 'গ্লেমাৰ'… মই জানো বিচাৰোঁ? মই অলপ মৰম,ভালপোৱা আৰু শান্তি বিচাৰোঁ। মোকতো আন একো নালাগে! তথাপিও কিয়? ইমান বাধা… পলে পলে মগজু গৰম হোৱা কথা, অশান্তি,যন্ত্ৰণা… নিদ্ৰাহীন ৰজনীৰ সংগী মাথো মোৰ শুকাই যোৱা দুচকুৰ দুটোপাল তপত চকুলো মই জানো বিচাৰিছিলোঁ ? ______________________ *[ চকুচৰহা মানুহে আনৰ শান্তি সহ্য কৰিব নোৱাৰে সেয়ে আনকো জ্বলায়, নিজেও জলে।।] - Inu Etc If you have any questions or if you wanna  work with me , feel free to  contact me .  I’m always available to help young hustlers like you  @InuEtc  on Instagram. Keep hustling! Love, love!