মই জীৱনৰ পৰা পলাই ফুৰা এজন ব্যক্তি। মই কাৰো কথা নুশুনো। নিজেই নিজৰ পথপ্ৰদৰ্শক। সেয়ে হয়তো জীৱনৰ বাটত খোজ পেলাই বাৰে বাৰে উজুটি খাই পৰি যাও।
আচলতে মই মানুহজন কেনেধৰনৰ মই নিজেই নাজানো।বহুতে পাগল বুলি কয়! নাজানো – সচা নে মিছাঁ।
লিখা লিখি কৰি অদ্ভুদ ধৰনৰ মানসিক সুখ পাওঁ। কিতাপ পঢ়ি তাতকৈও বেছি আনন্দ লাভ কৰোঁ। (Read This Essay)
সৰুতেই মাৰ মৃত্যু হৈছিল।সেয়ে হয়তো, আজিও নুবুজিলোঁ/ নাজানিলো/নিশিকিলোঁ– 'মা' কাক বোলে?
২০১০ চন।পঢ়িবলৈ বুলি কেৰালা গৈছিলোঁ।কেৰালা বহু দূৰ আৰু ময়ো তেতিয়া সৰু আছিলোঁ।গতিকে দক্ষিণ ভাৰত ভ্ৰমণ সামৰি গুচি আহিলো।
২০১৩ চন।মোৰ কপালত সৌভাগ্য নে দূৰ্ভাগ্যৰ উদয় হৈছিল – আজিও নুবুজিলোঁ। JNV ( Jawahar Navodaya Vidyalaya, Barpeta) ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ JNV ত তিনিবছৰ পঢ়ি গুচি আহিলো।
২০১৪ চনত বেকী নদীৰ পাৰত বহি প্ৰথম কবিতা লিখিছিলোঁ।সেয়াই আছিল লিখা লিখিৰ আৰম্ভণি।এতিয়া সকলো লিখোঁ –বহুতো গল্প,কবিতা,প্ৰবন্ধৰ লগতে দুখন উপন্যাস ও লিখিছোঁ।
কোনে জানে – এইবোৰ আচলতে লিখাৰ ভিতৰত পৰেনে নে নপৰে! যিয়েই নহওক ,মই লিখোঁ – জীয়াই থাকিবলৈ। লিখা আৰম্ভ কৰিছিলোঁ অসমীয়া ভাষাৰে। কিন্তু এতিয়া বাংলাত বেছিকৈ লিখোঁ।
হয়তো ৰবীন্দ্ৰনাথ,নজৰুল ,হুমায়ুন,সত্যজিত ৰায়,শৰত চন্দ্ৰৰ 'ফেন ' বাবেই বাংলাত লিখোঁ।
এতিয়া ভীষণ ব্যস্ত। লেখাৰ লগতে, Blogging , Vlogging/ Youtube ( Video Making ) ইত্যাদি আৰু Reading তো কৰিবই লাগিব।
কবলৈ গলে, টোপনি যোৱাৰো সময় নাই । কিন্তু তাৰ মাজতো আকৌ হয়তো জীৱনৰ পৰা কৰ'বালৈ পলাবলৈ প্ৰস্তুতি চলাই আছো – কোনে জানে!
ইফালে অশান্তিৰ মাত্ৰা ক্ৰমশ বাঢ়ি গৈ আছে।বিভিন্ন সংঘাতৰ লগতে পৰিয়ালকেন্দ্ৰিক সমস্যাবোৰে সহ্যৰ চৰম সীমা পাৰ কৰিছে।এই জঞ্জাল সমূহৰ পৰা বহু আতৰি আহিবলৈ চেষ্টা কৰিছোঁ। আতৰিও আহিছো বহুত।
মৰিব নোখোজো।মই দেখা সপোনবোৰে মোক কেতিয়াও মৰিবলৈ নিদিয়ে।কিন্তু কেতিয়াবা কাৰোবাৰ কথা বা ব্যৱহাৰে কলিজাত প্ৰচণ্ড জোৰেৰে আঘাত কৰে,মূৰত ৪৪০ ভ'ল্টৰ ঝটকা দিয়ে।তেতিয়া দুখ লাগে আৰু দিশহাৰা হৈ জীয়াই থকাৰ হেপাঁহ ক্ষীণ হৈ যায়।কিন্তু সেই সপোনবোৰৰ বাবে……।
এনেকৈয়ে চলি আছে মোৰ অশান্তিময় জীৱন। মাজে সময়ে নিসংগতাপূৰ্ণ মূহুৰ্তত পাগলৰ দৰে অকাৰণতেই জোৰকৈ হাঁহো। মনটো বহুত পাতল পাতল যেন লাগে।এতিয়া অৱশ্যে বৰ দুখ লাগিলে গান গাও নাইবা কবিতা লিখোঁ।
মই শান্তি বিচাৰো।জীৱনৰ পৰা পলাই ফুৰা 'মই' আৰু আগৰ সেই 'মই ' হৈ থকা নাই।মোৰ জীৱনত বহুতো পৰিবৰ্তনে দেখা দিছে।যদিও এতিয়াও আগৰ দৰেই জীৱন যাত্ৰাত খোজ দি উজুটি খাওঁ।কিয়নো আজিলৈকে জীৱন যাত্ৰাৰ সহযাত্ৰী হ'বলৈ ভাল সংগী বিচাৰি নাপালো।সেয়ে অকলশৰেই আগুৱাই গৈ আছোঁ।
এই অনন্ত যাত্ৰাৰ কেতিয়াযে অন্ত পৰিব তাৰেই অপেক্ষাত –
- ইনু
Follow Me on Facebook
Blog - Inuidea
Awesome bro. .....wish for ur golden future
ReplyDeleteBro..love you..
ReplyDeleteThank you sister
DeleteThanks Bro
ReplyDeleteNice inu
ReplyDelete