Skip to main content

Posts

Showing posts from 2018

গুচি যা চকুলো। An Assamese sad poem by Inu Etc

স্তব্দ জোনাকৰ পোহৰত জিলিকি উঠিছে মোৰ চকুলো। কোনো নাই, মোক সান্তনা দিবলৈ মোক বুজিবলৈ। মই নিৰৱে কান্দিছো, চকুলোৰে যন্ত্ৰণা উটুৱাই দিব খোজো। গুচি যা চকুলো, আৰু ঘূৰি নাহিবি। মই যে বিচাৰো, মাথোঁ হাঁহি। © ইনু । If you have any questions or if you wanna  work with me , feel free to  contact me .  I’m always available to help young hustlers like you  @InuEtc  on Instagram. Keep hustling! Love, love!

আজিও স্পষ্ট তোমাৰ স্মৃতি। An assamese sad romantic poem by Inu Etc (ইনু)

সৌৱা, লাহে লাহে ধূসৰ হৈ আহিছে তোমাৰ আচলৰ ৰং। অস্পষ্ট তোমাৰ বিপৰীতে স্পষ্ট  তোমাৰ স্মৃতি। তোমাক পাই হেৰুৱাৰ যন্ত্ৰনা, পাহৰাৰ বৃথা চেষ্টা। কন্দুৱায় উজাগৰি নিশা।। তোমাৰ স্নিগ্ধ সুবাসৰ দৰে ক'ত চিগাৰেটৰ ধূৱা ধূসৰ হৈ গ'ল। যদিও, আজিও স্পষ্ট তোমাৰ স্মৃতি। যিয়ে হহুৱায় – কন্দুৱায়। সৌৱা, সৌ দূৰত ক্ৰমশ: ধূসৰ হৈ গ'ল তোমাৰ আচলৰ ৰং। © ইনু । If you have any questions or if you wanna  work with me , feel free to  contact me .  I’m always available to help young hustlers like you  @InuEtc  on Instagram. Keep hustling! Love, love!