Skip to main content

Posts

Showing posts from August, 2024

তুমিয়েইচোন মোৰ কবিতা। - An Assamese romantic poem by Inu Etc

বহু দিন লিখা নাই তোমালৈ বুলি কবিতা। কিয় জানা? তুমিয়েইচোন মোৰ কবিতা। পঢ়ি শেষ কৰিব নোৱাৰা, হেজাৰ কাহিনী বিলীন হৈ থকা, মোৰ বুকুৰ আপোন কবিতা। তোমাৰ তেজৰঙা মৌন উঠতো মই দেখা পাওঁ সতেজ কবিতাৰ মিঠা শব্দবোৰ। আমাৰ ভালপোৱাৰ কবিতা, আমাৰ জীৱনৰ কবিতা, কিছুমান সম্পূৰ্ণ। কিছুমান আধা লিখা। তোমাৰ স্নিগ্ধ দুচকুত লুকাই থাকে শব্দবোৰ। লুকা ভাকু খেলে মোৰ লগত। বহুত ভাল লাগে জানা। হেজাৰ জীৱন্ত কবিতাৰ গৌৰৱান্বিত গৰাকী মই । কেনেকৈনো লিখোঁ, কেঁচা হাতৰ, মোৰ কবিতাবোৰ। তোমাক পঢ়ি যে মই এতিয়াও শেষ কৰিব পৰা নাই। - Inu Etc