Posts

Showing posts from September, 2022

জোনাক হৈ আহা। - An Assamese romantic poem by Inu Etc

Image
এন্ধাৰ মোৰ জীৱনত জোনাক হৈ আহা। মোক মাথোঁ সাহস দিয়া।   আন একো নেলাগে মোক অনুপ্ৰেৰণা হৈ আহা তুমি। আকুৱালি ল'ম তোমাক, আগুৱাই যাম এই জটিল পথ, তোমাৰ হাতত ধৰি। তুমি মোৰ জোনাক। কেতিয়াবা নিশা যেতিয়া অশ্ৰু নিগৰে মই বিচাৰিম কাষত তোমাক তুমি মোক সাৱটি ল'বা  মোৰ চকুলো মচি দিবা আৰু ক'বা, "এই পগলা ল'ৰা, চোৱা মই তোমাৰ জোনাক হৈ আহিছোঁ, নাকান্দিবা!" Inu Etc (19 August 22)