Skip to main content

প্ৰেৰণা - An Assamese romantic story by Inu Etc


 -"দুপৰীয়া হ'ল।সূৰ্য মূৰৰ ওপৰ পালেহি। নিয়ৰ, উঠা আকৌ! শুইৱে থাকিবা আজি।উঠা নিয়ৰ।অফিচলৈ দেৰি হৈ যাব।"
                এনেকৈয়ে প্ৰায় প্ৰত্যেকদিনেই অনুভূতিয়ে মোক মাতিছিল।ময়ো, তাই নমতালৈকে বিছনাত পৰিয়েই থাকিছিলোঁ।
                 আজি দুবছৰ হ'ল।অনুভূতিয়ে মোক আৰু এনেদৰেএবাৰো মতা নাই। হঠাতেই অনুভূতিয়ে মোক আৰু আমাৰ একমাত্ৰ সন্তান অনুৰাধাক অকলশৰীয়াকৈ এৰি থৈ গুচি গ'ল।বহু দূৰলৈ গুচি গ'ল তাই। থৈ গ'ল মাথোঁ স্মৃতিবোৰ।
                    কৰ্মসূত্ৰে গুৱাহাটীতে থাকো। ৯২.৭ বিগ এফ এম নামৰ ৰেডিঅ' ষ্টেসন এটাত আৰ জেৰ কাম কৰো।দিনৰ দিনটো বকাবকি কৰিব লাগে- সেয়াই কাম।
                     অনুৰাধাৰ বয়স দুবছৰমান হৈছিল।অনুভূতিয়ে সিদ্ধান্ত লৈছিল -  শ্বিলঙলৈ ফুৰিবলৈ যোৱাৰ।অনুভূতিৰ প্ৰিয় ঠাই আছিল শ্বিলং।আচলতে যিকোনো পাহাৰীয়া ঠাইয়েই তাইৰ প্ৰিয় আছিল।মুঠতে তাই অাছিল পাহাৰ ভালপোৱা এজনী ছোৱালী।
                     শ্বিলঙৰ  অকোৱা পকোৱা পাহাৰীয়া বাটেৰে আমাৰ গাড়ীখন আগলৈ গৈছিল।মই ড্ৰাইভিং কৰিছিলোঁ।মোৰ কাষতেই অনুভূতিয়ে অনুৰাধাক কোলাত লৈ বহিছিল।দুয়োজনেই বহুত কথা পাতি স্ফূৰ্তি কৰি গৈছিলো ।অনুভূতিয়ে স্কুলীয়া জীৱনৰ কথাবোৰ উলিয়ালে।তাই বৰষাৰ কথা কলে।স্কুলত তাইৰ বান্ধৱী আছিল।মোক বোলে বহুত ভালপাইছিল - অনুভূতিয়েই কলে।
                      হঠাৎ সন্মুখৰ পৰা অহা ট্ৰাক এখনৰ প্ৰচণ্ড খুন্দাত আমাৰ গাড়ীখনৰ সৈতে আমিও কেইবাশ ফুট তলত গৈ পৰিলো।মূৰত প্ৰচণ্ড আঘাত পাই মই জ্ঞান হেৰুৱাই পেলাইছিলোঁ।যেতিয়া চকু মেলিলো,নিজকে হস্পিটেল এখনত আৱিস্কাৰ কৰিলো।ওচৰৰ বেডত হাত ভৰি আছাৰি  অকণমাণি অনুৱে চিঞৰি আছে।তাইক কোলাত ললো।মোৰ বুকুৰ উম পাই তাই অলপ শান্ত হ'ল।
অনুভূতিক বিচাৰিলোঁ। কিন্তু ক'তো নেদেখিলোঁ।
                    ডাক্টৰ এজন আহিল। ক'লে- "মি: নিয়ৰ, অনুভূতিৰ মৃত্যু হৈছে।সৌভাগ্যক্ৰমে আপুনি আৰু আপোনাৰ ছোৱালিজনী বৰ বেছি আঘাত নোপোৱাকৈ জীয়াই আছে।"
                   সচাকৈ, অনুভূতিয়ে মোক এৰি, অনুক এৰি গুচি গ'ল সেই ঠাইলৈ,য'ৰ পৰা কোনেও কেতিয়াও ঘূৰি আহিব নোৱাৰে।মই মূক হৈ পৰিলোঁ।মাথোঁ নিৰৱে চকুলোবোৰ ওলাই আহিল।
 -"পাপা, মোৰ দেৰি হৈ গ'ল।ব'লানা।সোনকাল কৰা। কিনো ভাৱি আছা?"
                      চাৰিবছৰীয়া অনুৰ মাতত মই বৰ্তমানলৈ গুচি আহিলোঁ।তাইক স্কুলত থৈ মই আকৌ অফিচলৈ যাব লাগিব।
- "ব'লা অনু।"
বাৰাণ্ডাত থিয় হৈ থকা বৰষালৈ চাই কলো
-"মাম্মাক বাই কোৱা,অনু।
-"বাই মাম্মা"- অনুৱে বৰষালৈ এটা 'ফ্লাইং কিচ' দিলে।
                বৰ্তমান অনুৱেই মোৰ একমাত্ৰ আশা।মোৰ জীয়াই থকাৰ প্ৰেৰণা।তাইৰ বাবেই জীয়াই আছোঁ।জীয়াই থাকিবলৈ প্ৰতিজ্ঞা কৰিছোঁ।
                 এবছৰ হ'ল বৰষাৰ সৈতে নতুন জীৱন আৰম্ভ কৰাৰ।সেই স্কুলীয়া জীৱনতে তাই মোক ভালপাইছিল।কিন্তু মই ভালপাইছিলোঁ অনুভূতিক।বিয়াও কৰিছিলোঁ অনুভূতিক।
-"বাই"- বৰষাইও এটা 'ফ্লাইং কিচ' দিলে।নুবুজিলোঁ মোকেই দিলে নে অনুকেই দিলে।হয়তো দুয়োজনকে দিছে।
                বৰষাই এতিয়াও মোক ভীষণ ভালপায়।
তাই প্ৰশ্ন কৰে- "নিয়ৰ, তুমি জানো মোক ভালপোৱা?" মই কও- "হুম,বহুত,বিশ্বাস কৰা বৰষা - অনুভূতিৰ শপত,অনুৰ শপত- তোমাক ভালপাওঁ।"
সাৱটি ধৰো বৰষাক।পৰ্দাৰ অাঁৰৰ পৰা কণমাণি অনুৰ দুষ্ট চকুযোৰে চাই থাকে আমাক! 

Comments

Popular posts from this blog

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

অন্তহীন অপেক্ষা তোমাৰ বাবে থাকিব খোলা মোৰ হৃদয়ৰ খিৰিকি, অসীম অনন্ত কাললৈ বাট চাম তুমি আহিবা বুলি।। ৰৈ আছিলো মই সীমাহীন আশাৰে তোমালৈ........।। অন্তহীন অপেক্ষা ৰে জন্মৰ পৰা জন্মান্তৰলৈ।। তথাপিও নাহিলা তুমি মোৰ উমাল বুকুলৈ হেজাৰ আশাৰে আছিলো ৰৈ; তোমাৰ বাবে নিৰবে কান্দিছো মূল্যহীন চকুলোৰে।।।

কল্পনা। An Assamese Romantic,Thriller Story by Inu Etc

              চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ। এই অন্ধকাৰ ফালি দুডাল সৰলৰেখাৰ ওপৰেৰে আগুৱাই গৈছে নিশাৰ 'ট্ৰেইন'খন। ঘৰত মোৰ বিয়াৰ কথা বাৰ্তা চলি আছে। সেয়ে ঘৰ মানে গুৱাহাটীলৈ গৈ আছোঁ। কলকাতাৰ পৰা ট্ৰেইনত উঠিছো। মোৰ কোঠাটোত থকা মানুহকেইজনৰ লগত আড্ডা মাৰি ভালদৰেই সময়বোৰ পাৰ কৰিলো। কিন্তু সকলোবোৰ এটা এটাকৈ নামি যোৱাত মই বৰ অকলশৰীয়া হৈ পৰিলো। নিশাৰ অন্ধকাৰে মোক গ্ৰাহ কৰি পেলালে।                  মই নামিম একেবাৰে শেষ ষ্টেশনত।সেয়ে ভাৱিলো এঘুমটি মাৰি লওঁ। কিয়নো শেষ ৰাতিহে মই মোৰ গন্তব্য স্থান পাম। নিদ্ৰাদেৱীৰ কোলাত অলপ সময় শুইছিলোহে, হঠাৎ জোৰকৈ দিয়া জোকাৰণি এটাৰে ট্ৰেইনখন ৰৈ গ'ল। কিবা এটা বুজি পোৱাৰ আগতেই দেখা পালোঁ এজনী ছোৱালী ট্ৰেইনখনলৈ উঠি আহিল। এন্ধাৰ বাবে ছোৱালীজনীক ভালকৈ দেখা নাপালো। ট্ৰেইনখন আকৌ চলিবলৈ ধৰিলে। মই আকৌ ভয়েই খাইছিলো। ডকাইতৰ দলেই ট্ৰেইনখন ৰখালে কিজানি! এই ঠাইখনত প্ৰায়ে বোলে ডকাইতে ট্ৰেইন ৰখাই ট্ৰেইনৰ মানুহক হাৰাশাস্তি কৰে।              যিয়েই নহওক ট্ৰেইন খন আকৌ চলিব ধৰাত ময়ো যেন বাচি গলো ভাৱেৰে স্বস্তিৰ নিশাহ এটা এৰি দিলো। এইবোৰ ভাৱি থাকোতেই কাষতে বহা ছোৱাল

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো) ____________________ © Inu Etc ____________________ এখন ভাল কিতাপ জ্ঞানৰ ভৰাঁল স্বৰূপ।সভ্য সমাজত কিতাপৰ প্ৰয়োজনীয়তা অপাৰ, ইয়াক কোনেও নুই কৰিব নোৱাৰে। সেয়েহে এগৰাকী বিখ্যাত সংস্কৃত কবিয়ে কৈছিল,—"সাহিত্য,সংগীত আৰু কলাত অনুৰাগ নথকা লোক নেজ আৰু শিং নথকা পশুৰ দৰে।"গতিকে কিতাপ পঢ়াটো এটা বৰ ভাল অভ্যাস আৰু মানসিক সন্তুষ্টিৰ বাবে নতুবা নিজৰ জ্ঞানৰ ভৰাঁল চহকী কৰিবলৈ আমি কিতাপ পঢ়িব লাগে। সৰুৰে পৰাই মোৰ কিতাপ পঢ়াৰ বৰ হেপাঁহ। বৰ্ণমালা শিকাৰ আগতেই প্ৰায় প্ৰত্যেক দিনাই দেউতাই বজাৰৰ পৰা ঘৰলৈ আহোতে বাতৰি কাকত এখন লৈ আহিছিল। ময়ো অধীৰ আগ্ৰহেৰে দেউতালৈ বাট চাই থাকিছিলোঁ। কাৰণ মই জানো, দেউতাই মোলৈ এখন বাতৰিকাকত আনিবই আনিব। য'ত থাকিব–মই চিনি নোপোৱা হেজাৰ আখৰ,হেজাৰ শব্দ। একো বুজা নাছিলো। মাথো ৰঙীন আৰু বগা-কলা আলোকচিত্ৰবোৰ চায়েই মই সন্তুষ্টি লাভ কৰিছিলো। লাহে লাহে ডাঙৰ হলো। বাতৰিকাকতৰ পৰাই আখৰবোৰ চিনি পোৱা হলো। বাক্যবোৰ মন্ত্ৰৰ দৰে পঢ়িব পৰা হলো।প্ৰিন্ট কৰা কাগজ এখন দেখিলেই দৌৰি গৈ বুটলিলৈ পঢ়িছিলো-এতিয়াও পঢ়ো।ক্ৰমশ: মোৰ কিতাপ পঢ়াৰ হাবিয়